নিউয়ৰ্কত শীতৰ আমেজ লৈ পুৱা টীম ইণ্ডিয়াৰ অনুশীলনঃ কাইলৈ প্ৰথমখন ৱাৰ্ম আপ মেচ...

ব্যক্তিগত কাম সামৰি বিৰাটো গ'ল আমেৰিকালৈ
নিউয়ৰ্কত শীতৰ আমেজ লৈ পুৱা টীম ইণ্ডিয়াৰ অনুশীলনঃ কাইলৈ প্ৰথমখন ৱাৰ্ম আপ মেচ...

ডিজিটেল ডেস্কঃ সম্পূৰ্ণ দুমাহ ফ্লাড লাইটৰ পোহৰত আই পি এল খেলি আগন্তুক বিশ্বকাপ খেলিবলৈ আমেৰিকাত উপস্থিত হোৱা ভাৰতীয় দলটোৱে ইতিমধ্যে নিউয়ৰ্কত তেওঁলোকৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বিৰাট কোহলী অবিহনে আমেৰিকাত উপস্থিত হোৱা ভাৰতীয় দলটোৱে বুধবাৰে পুৱা আৰম্ভ কৰে অনুশীলন।

আমেৰিকা যুক্ত ৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ টি-২০ বিশ্বকাপত ভাৰতৰ সকলো মেচ স্থানীয় সময় অনুসৰি ১০.৩০ বজাৰ পৰা আৰম্ভ হ'ব আৰু সেয়েহে অনুশীলনৰ বাবেও ৰোহিত বাহিনীয়েও পুৱাৰ সময়খিনিকে প্ৰাধান্য দিছে।

ইফালে ব্যক্তিগত কিছু কাৰণত ভাৰতীয় দলটোৰ সৈতে আমেৰিকালৈ একেলগে যাত্ৰা কৰিব নোৱাপা বিৰাট কোহলিয়ে বৃহস্পতিবাৰে আমেৰিকালৈ যাত্ৰা কৰিছে। শুকুৰবাৰে তেওঁ ভাৰতীয় দলটোৰ সৈতে যোগদান কৰাৰ কথা। অৱশ্যে ১ জুনত অনুষ্ঠিত হ'বলগীয়া প্ৰস্তুতি মেচত বিৰাটে অংশগ্ৰহণ কৰিবনে নাই তাক লৈ অনিশ্চয়তা এতিয়াও আঁতৰা নাই।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইউ এছ এৰ পৰিৱেশ। আই পি এলৰ সময়ছোৱাত ভাৰতৰ বিভিন্ন ষ্টেডিয়ামত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ মাজত খেলা ভাৰতীয় দলটোৱে ইউ এছ এত পাইছে শীতৰ প্ৰভাৱ। এনে পৰিপ্ৰেক্ষিতত ইউ এছ এৰ বতৰৰ সৈতে একাত্ম হ'বলৈ চেষ্টা কৰিছে।

ইউ এছ এৰ নিউয়ৰ্ক চহৰত বৰ্তমান তাপমান ২৫ ৰ পৰা ২৮ ডিগ্ৰী চেলচিয়াছ ,আৰু আদ্ৰতাও বহু কম। সেই অনুসৰি সহযোগী প্ৰশিক্ষকসকলে নেট অনুশীলনৰ পূৰ্বে খেলুৱৈসকলক এনে পৰিৱেশৰ সৈতে একাত্ম হ'বৰ বাবে খেলুৱৈসকলক প্ৰস্তুত কৰি তুলিছে।

উল্লেখ্য যে, ভাৰতীয় দলটোৰ ১৪ জন খেলুৱৈয়ে নেট অনুশীলনৰ আৰম্ভণি শ্বৰ্ট ৰাণৰ সৈতে কৰে। তাৰ পিছত শ্বাটল ৰাণ কৰে। অনুশীলনৰ মাজতে আকৌ ক্ৰিকেটাৰসকলে ফুটবলো খেলা পৰিলক্ষিত হৈছে।

ভাৰতীয় দলটোৰ এই অনুশীলন নাচাৱৌ কাউন্টি ক্ৰিকেট ষ্টেডিয়ামৰ পৰিবৰ্তে অন্য এক ঠাইত হৈছে য’ত অনুশীলনৰ বাবে পৰ্যাপ্ত সুবিধা আছে। এই অনুশীলনত বিৰাট কোহলীৰ বাদে সকলো খেলুৱৈয়ে ভাগ লৈছে।

অনুশীলনৰ আৰম্ভণিতে শৰীৰ গৰম কৰাৰ পাছত দলটোৰ দুজন খেলুৱৈক বাদ দি বাকী আটাইকেইজন খেলুৱৈয়ে নেটত বলিং আৰু বেটিঙৰ অনুশীলন কৰাও পৰিলক্ষিত হৈছে। য়ুজবেন্দ্ৰ চাহাল আৰু যশস্বী জয়ছোৱালে বলিং আৰু বেটিঙৰ অনুশীলনত ভাগ লোৱাৰ পৰা বিৰত থাকে। ইয়াৰ আঁৰতো অৱশ্যে কাৰণ নথকা নহয়। দুয়োজনেই কিছু পলমকৈ নিউয়ৰ্কত উপস্থিত হৈছিল।

মন কৰিবলগীয়া যে, নিউয়ৰ্কৰ পিটছসমূহ অষ্ট্ৰেলিয়াৰ বাউন্সী উইকেটৰ দৰে তৈয়াৰ কৰা হৈছে। অষ্ট্ৰেলিয়াৰ দৰে উইকেটত অসমান বাউন্স হোৱা পৰিলক্ষিত হৈছে। সঞ্জু ছেমচন,কুলদ্বীপ যাদৱ, ঋষভ পণ্টে নেটত বহু সময় অতিবাহিত কৰে আৰু হাৰ্ডিক পাণ্ডিয়াক বলিং আৰু বেটিং দুয়োটাৰেই অনুশীলন কৰা দেখা গৈছে।

ভাৰতীয় দলৰ ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক সৌহম দেশাইয়ে এই অনুশীলন সন্দৰ্ভত কৈছে- “খেলুৱৈসকলে দুমাহ ধৰি আই পি এল খেলিছে। তেওঁলোক আমাৰ সংস্পৰ্শত নাছিল।গতিকে এতিয়া আমাৰ লক্ষ্য এইটোৱেই যে তেওঁলোক বৰ্তমান কোনটো স্থিতিত আছে সেয়া জানিব লাগিব আৰু বিশ্বকাপৰ পূৰ্বে তেওঁলোকক সেই মতে প্ৰস্তুত কৰিব লাগিব। আমি আমাৰ প্ৰথম ৱাৰ্ম আপ আৰম্ভ কৰিছো।”

ইফালে প্ৰথমবাৰৰ বাবে ভাৰতীয় খেলুৱৈসকলে নিউয়ৰ্কত ক্ৰিকেট খেলিবলৈ যথেষ্ট উৎসাহিত হৈ পৰিছে। অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই নিউয়ৰ্কত বিশ্বকাপ খেলিবলৈ অতি উৎসাহী হৈ আছে। জাডেজাই কয় যে, তেওঁ প্ৰথমবাৰ নিউয়ৰ্কত ক্ৰিকেট খেলিব আৰু ইয়াত ক্ৰিকেট খেলি বহুত বেছি ভাল লাগিব।

৫ জুনত ভাৰতীয় দলটোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। ৯ জুনত আছে পাকিস্তানৰ বিৰুদ্ধে হাইভল্টেজ মেচ। ইয়াৰ পিছত ১২ জুনত ইউ এছ এ, ১৫ জুনত কানাডা, ৬ জুলাইত জিম্বাৱেৰ বিৰুদ্ধে আছে মচ।

নিউয়ৰ্কত শীতৰ আমেজ লৈ পুৱা টীম ইণ্ডিয়াৰ অনুশীলনঃ কাইলৈ প্ৰথমখন ৱাৰ্ম আপ মেচ...
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দল ঘোষণাঃ পুনৰ স্থান পালে অসমৰ উমাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in