দৰঙত গ্ৰীষ্মকালীন আৰ্ট এণ্ড ক্ৰাফ্‌ট কৰ্মশালা...

দৰঙত গ্ৰীষ্মকালীন আৰ্ট এণ্ড ক্ৰাফ্‌ট কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
দৰঙত গ্ৰীষ্মকালীন আৰ্ট এণ্ড ক্ৰাফ্‌ট কৰ্মশালা...

ডিজিটেল সংবাদ, মঙলদৈঃ গ্ৰীষ্মকালীন বন্ধৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ধৰণৰ কৰ্মশালাসমুহ অনুষ্ঠিত হয়। আন আন প্ৰান্তৰ দৰে দৰঙৰ দলগাঁওত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু দলগাঁও মডেল একাডেমীৰ সহযোগত ১ জুলাই ২০২৪ৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন সমষ্টি ভিত্তিক আৰ্ট এণ্ড ক্ৰাফ্‌ট কৰ্মশালা খনিৰ সোমবাৰে সফল সামৰণি হয় ।

Advertisment

এই আৰ্ট এণ্ড ক্ৰাফ্‌ট কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়া বিদ্যাধৰ দেউৰি, স্থানীয় ব্যক্তি ড° বেগম হাছিনা চুলতানা, সমাজ কৰ্মী চুলতান আহমেদ আব্দুল জলিন,অবনী কুমাৰ চহৰীয়াকে ধৰি সহস্ৰাধিক লোক। এই কৰ্মশালাত মুঠ শিক্ষাৰ্থী ৩০গৰাকী আছিল। অনুষ্ঠানত শিক্ষাৰ্থীসকলক চৰকাৰৰ তৰফৰ পৰা প্ৰমান পত্ৰ প্ৰদান কৰা হয়।

Also Read: পোহৰলৈ আহিছে SBI বিষয়া গুলেনুৰ হুছেইনৰ ধন আত্মসাতৰ ন ন তথ্য...

mangoldoi Summer Camp