ছুপাৰষ্টাৰ ছলমান খানৰ 'বিগ-বচ'ত উজলিল মঙলদৈৰ ৰেচমা

কন্যাক বিগ-বচ অনুষ্ঠানত দেখি মাতৃ তথা পৰিয়ালৰ চকুত বৈ আহিছে আনন্দৰ চকুলো।

author-image
Asomiya Pratidin
New Update
ছুপাৰষ্টাৰ ছলমান খানৰ 'বিগ-বচ'ত উজলিল মঙলদৈৰ ৰেচমা

ডিজিটেল সংবাদ,মঙলদৈ : বলিউডৰ ছুপাৰষ্টাৰ চলমান খানৰ সঞ্চালনাত আয়োজিত 'বিগ বচ'ৰ মঞ্চত দেখিবলৈ পোৱা গৈছে এগৰাকী অসম তথা মঙলদৈৰ কন্যাক। চলমান খানৰ সৈতে ৰিয়েলিটি শ্ব' বিগ বছৰ মঞ্চত উজলি উঠিল মঙলদৈৰ কন্যা খানজাদী ফিৰোজা খান।

Advertisment

মঞ্চত উঠিয়েই তেওঁ ক'লে- জয় আই অসম। তেওঁৰ সুৰতে সুৰ মিলাই ছুপাৰষ্টাৰ চলমান খানেও ভগা ভগা অসমীয়াত ক'লে জয় আই অসম। অসম বিখ্যাত চাহপাতৰ কথাও ক'লে খানজাদী ফিৰোজা খানে।

ইফালে কন্যাক বিগ বচ অনুষ্ঠানত দেখি মাতৃ তথা পৰিয়ালৰ চকুত বৈ আহিছে আনন্দৰ চকুলো। উল্লেখ্য যে, তেওঁৰ পঢ়া-শুনাৰ প্ৰতি সিমান মন নাছিল। মাত্ৰ সংগীত, নৃত্য,অভিনয় প্ৰতিয়েই আছিল পাগল। ৰন্ধে ৰন্ধে মাথোঁ সংগীত-নৃত্য।

জানিব পৰামতে তেওঁ অকলে ঘৰৰ অনুমতি অবিহনে গোপনে ৫বাৰকৈ মুম্বাই লৈ পলাই গৈছিল । তেওঁৰ ঘৰ মঙলদৈ বাঘমাৰা পুখুৰীত।

তেওঁক পৰিয়ালে মৰমতে ৰেছমা বুলি মাতে। ৰেছমাই মঙলদৈ ডনবস্ক' আৰু নৰ্থ ইষ্ট একাডেমীত স্কুলীয়া শিক্ষা সামৰি পৰিয়ালৰ অজ্ঞাতে সুদূৰ মুম্বাইলৈ পলাই গৈছিল। যাতে সাংস্কৃতিক ক্ষেত্ৰখনত কিবা এটা কৰিব পাৰে।

অকলশৰীয়া অচিনাকি চহৰ এখনলৈ যাত্ৰাৰ একমাত্ৰ সম্পদ আছিল আত্মবিশ্বাস আৰু সাহস। যুঁজি যুঁজি মুম্বাইত কেইবাটাও সংগীতৰ ৰিয়েলিটি শ্বোত অংশগ্ৰহণ কৰি নিজৰ উপস্থিত প্ৰতিভাৰ উমান দিছিল।

অৱশেষত সেই সপোনৰ সন্ধিক্ষণৰ দুৱাৰদলিত উপস্থিত হ'ল ৰেচমা। প্ৰবল ইচ্ছা শক্তি আৰু প্ৰতিভাৰ বলত এইবাৰ চলমান খানৰ ১৭ সংখ্যক "বিগ বচ " অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ সুবিধা লাভ কৰে।

তেওঁৰ ভাষাৰে- প্ৰবল ইচ্ছা শক্তি থাকিলে মানুহে সপোনবোৰ বাস্তৱ ৰূপ দিব পাৰে। অনাগত যাত্ৰাৰ বাবে তেওঁ ৰাইজৰ পৰা বিচাৰিছে মাত্ৰ মৰম আৰু আশীৰ্বাদ। পৰিয়ালে আশা কৰিছে- তেওঁক ৰাইজে মৰম আৰু আশীৰ্বাদেৰে উপচাই দিব। এই সন্দৰ্ভত মঙলদৈবাসীয়ে ৰেচমাই যাতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে "বিগ বচ"ত সফলতা লাভ কৰিব পাৰে তাৰ বাবে জনাইছে শুভেচ্ছা।

Also Read: জয়ৰ লক্ষ্যৰে শক্তিশালী নিউজিলেণ্ডৰ সমুখত আফগানিস্তান

salman khan mangaldai