নিদ্ৰামগ্ন বন বিভাগ,নিমাত বিশ্বনাথ জিলা প্ৰশাসন : বিহালীত চলিছে খেতিপথাৰৰ ধ্বংসযজ্ঞ

নিদ্ৰামগ্ন বন বিভাগ,নিমাত বিশ্বনাথ জিলা প্ৰশাসন : বিহালীত চলিছে খেতিপথাৰৰ ধ্বংসযজ্ঞ

ডিজিটেল সংবাদ,বিহালী : সম্প্ৰতি বিশ্বনাথৰ বিহালীৰ কৃষিভূমিত চলিছে কৃষি পথাৰ ধ্বংসযজ্ঞ ৷ প্ৰতিটো দিনেই পুৱাৰ পৰা সন্ধিয়ালৈকে বিহালীত একাংশ পুঁজিপতি ইটাভাটাৰ মালিকে এস্কেভেটৰ, জেচিবিৰে চলাইছে কৃষি পথাৰ ধ্বংসযজ্ঞ ৷ পুঁজিপতি ইটাভাটা মালিকৰ দুস্কাৰ্যৰ বিৰুদ্ধে অভিযান চলোৱাত ব্যৰ্থ বন বিভাগ কিম্বা জিলা প্ৰশাসন ৷

জানিব পৰামতে খেতিপথাৰ ধ্বংসযজ্ঞ চলোৱাৰ মুকলি অনুমতি দিছে জিলা প্ৰশাসনে ৷ লিখিত অভিযোগেও গা লৰাব পৰা নাই বিশ্বনাথ প্ৰশাসনৰ ৷ সচেতন মহলৰ প্ৰশ্ন যে, কাৰ পক্ষত বিশ্বনাথ প্ৰশাসন,কাৰ পক্ষত বৰগাঙ বন বিভাগ ৷ পুঁজিপতি ইটাভাটা মালিকৰ পকেটত বন্দী নেকি বিশ্বনাথ প্ৰশাসনৰ বিষয়া !

সম্প্ৰতি বিহালীৰ SKB নামৰ ইটাভাটাৰ আদিত্য দিহিঙ্গীয়া নামৰ ভূ-মাফিয়াগৰাকীয়ে দিন দুপৰতে বে-আইনীভাৱে এক্সেভেটৰ আৰু জেচিবিৰে কৃষি পথাৰ তহিলং কৰিছে ৷ অবৈধভাৱে এফালৰ পৰা কৃষি পথাৰ খনন কৰি SKB নামৰ ইটাভাটাত ইটা প্ৰস্তুত কৰিৱলৈ সৰবৰাহ কৰিছে মাটি ৷

অভিযোগ অনুসৰি আদিত্য দিহিঙ্গীয়া নামৰ ভূ-মাফিয়াজনে চেৰেলীয়াৰ খেতিপথাৰত সৃষ্টি কৰিছে গভীৰ গাঁত ৷ আনকি AMMC-2013 আইন উলংঘা কৰি বে-আইনীভাৱে খেতিপথাৰ খনন কৰি লাখ লাখ টকা মুনাফা লুটিছে ৷ পিছে ইমানৰ পিছতো বৰগাঙ বনাঞ্চলিক বিষয়া গৰাকীৰ নাই কোনো উম-ঘাম ৷ নাকত তেল দি শুই বহি কটাছে বনাঞ্চলিক বিষয়াগৰাকীয়ে ৷ ফলত বিহালীৰ একাংশ ইটাভাটা মালিক আৰু এচাম ভূ-মাফিয়াই এফালৰ কৃষি পথাৰ বিনষ্ট কৰাত উঠি পৰি লাগিছে ৷

নিদ্ৰামগ্ন বন বিভাগ,নিমাত বিশ্বনাথ জিলা প্ৰশাসন : বিহালীত চলিছে খেতিপথাৰৰ ধ্বংসযজ্ঞ
১২৮বছৰীয়া নগাঁও নাট্য সমিতিৰ নতুন খোজ : দুদিনীয়াকৈ সদৌ অসম প্ৰাইজমাণি একাঙ্কিকা নাট প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in