জ্ঞান বিকাশ একাডেমী শৈক্ষিক ন্যাসৰ দ্বাৰা ৰাধাকৃষ্ণণ বঁটা প্ৰদান

জ্ঞান বিকাশ একাডেমী শৈক্ষিক ন্যাসৰ দ্বাৰা ৰাধাকৃষ্ণণ বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
জ্ঞান বিকাশ একাডেমী শৈক্ষিক ন্যাসৰ দ্বাৰা ৰাধাকৃষ্ণণ বঁটা প্ৰদান

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈত জ্ঞান বিকাশ একাডেমী শৈক্ষিক ন্যাসৰ দ্বাৰা শিক্ষক দিৱস উপলক্ষে বুধবাৰে এক সভাৰ আয়োজন কৰা হয়। এই সভাত দৰঙৰ ২০ গৰাকী জ্যেষ্ঠ শিক্ষক -শিক্ষয়িত্ৰীক ৰাধাকৃষ্ণণ বঁটাৰে সন্মানিত কৰা হয়।

Advertisment

উল্লেখযোগ্য যে ২০১৪ চনৰ পৰা এই ন্যাসৰ দ্বাৰা ধাৰাবাহিকভাৱে অবিভক্ত দৰং জিলাৰ বিদ্যালয়সমূহৰ অভিজ্ঞ, জ্যেষ্ঠ আৰু ছাত্ৰ প্ৰিয় শিক্ষক -শিক্ষয়িত্ৰীবৃন্দক ৰাধাকৃষ্ণণ বঁটাৰে সন্মানিত কৰি অহা হৈছে।

এই উপলক্ষ্যে জ্ঞান বিকাশ একাডেমীৰ নৱ নিৰ্মিত ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে মঙলদৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক পৰেশ কুমাৰ শৰ্মাই। সভাখন উদ্বোধন কৰে মঙলদৈৰ মহকুমাধিপতি তথা দৰঙৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক গৌৰী প্ৰিয়া দেওৰীয়ে।

দৰঙৰ শতাধিক জ্যেষ্ঠ নাগৰিক, অভিভাৱকৰ উপস্থিতিত সভাখন উদ্বোধন কৰে মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: কমলাকান্ত বড়াই । জ্ঞান বিকাশ একাডেমীৰ অধ্যক্ষ কুশল কলিতাই আঁত ধৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষক দিৱস উদযাপনৰ বাস্তৱিক তাৎপৰ্য ব্যাখ্যাৰে সকলোকে অভিভূত কৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড: শৰৎ চন্দ্ৰ ডেকাই।

ভাষণ প্ৰসংগত তেওঁ কয় যে, "শিক্ষকতা বৃত্তি পেচা নহয় শিক্ষকতা সেৱাহে। সেয়ে শিক্ষকসকলে শিক্ষকতাৰ মাজত নিজকে নতুনকৈ আবিস্কাৰ কৰা উচিত। সফল শিক্ষক সেইজনহে যিজনে ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা যোগাব পাৰে।"

আনহাতে বঁটাপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলে যি নিৰ্বাচন পদ্ধতিৰে জ্ঞান বিকাশ একাডেমী শৈক্ষিক ন্যাসে ৰাধাকৃষ্ণণ বঁটাৰ বাবে শিক্ষক মনোনীত কৰে সেই পদ্ধতিক ভূয়সী প্ৰশংসা কৰাৰ লগতে সন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ন্যাসে প্ৰথমে নিৰ্বাচিত শিক্ষকজনৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,অভিভাৱক আৰু সেই বিদ্যালয়ৰ অঞ্চলৰ সামাজিক ব্যক্তি সকলৰ অভিমত লগতে শিক্ষক জনৰ সামাজিক, সাহিত্য, সাংস্কৃতিক কাম কাজ নীৰিক্ষণ কৰি তেওঁক ৰাধাকৃষ্ণণ বঁটাৰ বাবে নিৰ্বাচন কৰে।

প্ৰত্যেক গৰাকী শিক্ষককে ন্যাসৰ তৰফৰ পৰা ফুলাম গামোছা, ফুলৰ থোপা, সম্বৰ্ধনা পত্ৰ, উপহাৰৰ টোপোলা আৰু গ্ৰন্থৰে অভিনন্দন জনোৱা হয়। দৰং জিলাৰ শৈক্ষিক ক্ষেত্ৰ আৰু সচেতন মহলত জ্ঞান বিকাশ একাডেমীৰ এই প্ৰচেষ্টাই প্ৰশংসা আৰু সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে।

Also Read: বজালী কাণ্ড : গায়ত্ৰী সোণোৱালৰ মেকবুক বিচাৰি চি আই ডিৰ অভিযান

teacher