/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/878bf508-0be1-4f83-8c7a-a2db2e482893/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, দৌলাশালঃ অসম ফুটবল সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চতুৰ্থ বাৰ্ষিক প্ৰয়াত প্ৰসন্ন কুমাৰ কলিতা আৰু প্ৰয়াত চফিউৰ ৰহমান (হিৰো) সোঁৱৰণি প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত শুকুৰবাৰে চেঙা আঞ্চলিক স্পোৰ্টচ একেডেমীয়ে ঘোগা এফচিক পৰাস্ত কৰে ৷ সোণাপুৰ প্ৰগতি যুৱ ক্লাৱৰ উদ্যোগত আৰু মুগদি সোণাপুৰ গাঁও উন্নয়ন সমিতিৰ সহযোগত মুগদি-সোণাপুৰ ৰাজহুৱা খেলপথাৰত ২৬ ছেপ্টেম্বৰৰ পৰা চলি থকা টুৰ্ণামেণ্টৰ দ্বিতীয়খন খেলত চেঙা আঞ্চলিক স্পোৰ্টচ একেডেমীয়ে ঘোগা এফচিক ৩-১ গ'লত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত উপনীত হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1002f8b9-33c4-489d-9c1d-c48d03a7118f/09163823_984d_4d19_a4c4_8479a687c5bc.jpg)
খেলৰ প্ৰথমাৰ্ধৰ ৮ মিনিটত চেঙা আঞ্চলিক স্পোৰ্টচ একেডেমীৰ হৈ জেহেৰুলে প্ৰথমটো গল দিয়ে ৷ আনহাতে প্ৰথমাৰ্ধৰে ১৫ মিনিটত চেঙা আঞ্চলিক স্পোৰ্টচ একেডেমীৰ হৈ দোমিনিকে দ্বিতীয়টো গল আৰু দ্বিতীয়াৰ্ধৰ ৫৩ মিনিটত কভিৰে তৃতীয়টো স্কোৰ কৰে ৷ প্ৰত্যুত্তৰত খেলৰ প্ৰথমাৰ্ধত ঘোগা এফচিৰ হৈ জ্যোতিৰ্ময়ে ৩৪ মিনিটত এটা গল দিয়ে ৷ উল্লেখ্য যে, খেলখন উদ্বোধন কৰে বৰক্ষেত্ৰীৰ যুৱ সমাজকৰ্মী তথা বিজেপি নেতা ৰাজু ডেকাই ৷ টুৰ্ণামেণ্টৰ তৃতীয়খন খেল অহা ২ অক্টোবৰত নলবাৰী ৰয়েল এফচি আৰু আধিয়াৰপাৰা অমৰদ্বীপ ক্লাৱৰ মাজত অনুষ্ঠিত হ'ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/88dbe4d8-35af-4bf3-8caf-1aaa05e5e396/a9032ae5_2b60_4b9f_8625_b2f6c18ddeda.jpg)
Also Read: লামডিং আঞ্চলিক বন বিভাগৰ জালত চোৰাং চিকাৰী