চিট ফাণ্ডৰ বিৰুদ্ধে অভিযান চলাই ৫জনক গ্ৰেপ্তাৰ

চিট ফাণ্ডৰ বিৰুদ্ধে অভিযান চলাই ৫জনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
চিট ফাণ্ডৰ বিৰুদ্ধে অভিযান চলাই ৫জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, মঙলদৈ: দৰং জিলাৰ দলগাঁওত চিট ফাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে। দলগাঁও আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই ৫ জনকৈ চিট ফাণ্ডৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি মঙলবাৰে জে'ললৈ প্ৰেৰণ কৰে৷

Advertisment

গ্ৰেপ্তাৰ কৰা পাঁচজন হ'ল আব্দুল আলম (বেছিমাৰী জংঘল), নজৰ আলি (নগাঁও), আমিৰ হামজা (দৈপাম), জহুৰ আলি (বৰুৱাঝাৰ), ৰকিবুল ছাদ্দিক (গণ্ডাপুখুৰীত ) বুলি জানিব পৰা গৈছে। আটক কৰা সকলৰ পৰা বিভিন্ন নথিপত্ৰও জব্দ কৰে আৰক্ষীয়ে ৷

এই লোক কেইজনে নিজে চ'চাইটি ৰেজিষ্ট্ৰেচন কৰি সাধাৰণ মানুহক প্ৰলোভন দি লোণ দিয়া আৰু টকা জমা লোৱা কাৰ্য চলাই আছে বুলি আৰক্ষীযে তথ্য লাভ কৰে।এই লোক কেইজনে উজ্জ্বল মিউচুৱেল বেনিফিট নিধি লিমিটেড, দৰং মাইক্ৰ মাল্টিপাৰপাচ কোপাৰেটিভ প্ৰাইভেট চচাইটি লিমিটেড, জনকল্যান এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভলপমেন্ট চচাইটি, খলিফ নিধি লিমিটেড, ৰামধেনু চাঞ্চ চানচাইন ফিন চাৰ্ফ লিমিটেড নামে অনুস্থান খুলি জনসাধাৰণৰ পৰা পইচা সংগ্ৰহ কৰিছিল। আৰক্ষীয়ে ৰাইজক সহজ লভ্য ধনৰ পৰা বিৰত থকাৰ আহ্বান জনায়।

Also Read: সমাগত দুৰ্গা পূজা, এইবাৰ কি কি নিয়ম মানিব লাগিব সমিতিসমূহে ?

dolgaon