/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/4be11255-e6f0-449d-ad50-d4580545c835/8.jpg)
ডিজিটেল সংবাদ, দৰং: দৰং- ওদালগুৰি জিলাৰ সীমান্তৰ কছাৰীভেটি টোপ গাঁৱত সংঘটিত হৈছে অমানৱীয় ঘটনা। গাঁওখনৰ ফইজুল হক নামৰ দৰিদ্ৰ মানুহজৰ ঘৰৰ পৰা ৪১ দিনীয়া দেৱশিশুটো চুৰি কৰি লৈ যায় দুষ্ট চক্ৰয় ৷
প্ৰাপ্ত তথ্য মতে, মঙলবাৰে ৰাতি আনুমানিক ৩ বজাত মাকে টোপনিত লালকাল হৈ থকা অৱস্থাত মাকৰ বুকৰ পৰা কোনো দুষ্টচক্ৰই চুৰি কৰি লৈ যায় ৪১ দিনীয়া শিশুটি৷
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ওৰাং আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত৷ ঘটনাক কেন্দ্ৰ কৰে অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷