দৰঙত উদ্ধাৰ ২০ টাকৈ শিশু শ্ৰমিক...

আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ দিনাই দৰং জিলাৰ বেছিমাৰীত জিলা টাস্ক ফৰ্চৰ যুটীয়া অভিযানত উদ্ধাৰ ২০ জন শিশু শ্ৰমিক

author-image
Asomiya Pratidin
New Update
দৰঙত উদ্ধাৰ ২০ টাকৈ শিশু শ্ৰমিক...

ডিজিটেল সংবাদ,‌ মঙলদৈঃ আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস। এই দিৱসৰ দিনাই দৰং জিলাৰ বেছিমাৰীত জিলা টাস্ক ফৰ্চৰ যুটীয়া অভিযানত দৰঙত উদ্ধাৰ ২০ জন শিশু শ্ৰমিক । সোমবাৰে জিলা শিশু সুৰক্ষা গোট, চাইল্ড লাইন, জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়, আৰক্ষী আদিৰ দ্বাৰা গঠিত টাস্ক ফৰ্চৰ অভিযানত বেচিমাৰী বজাৰ এলেকাৰ পৰা উদ্ধাৰ ২০টাকৈ শিশু শ্ৰমিক ।

Advertisment

অঞ্চলটোৰ বিভিন্ন হোটেল, গেৰেজৰ পৰা উদ্ধাৰ এই শ্ৰমিক সকলক । প্ৰায় ৮ জন শিশু শ্ৰমিকক বাধাৰ বাবে উদ্ধাৰ কৰিব নোৱাৰিলে টাস্ক ফৰ্চে । উল্লেখযোগ্য যে অসম চৰকাৰৰ শিশু সুৰক্ষা সম্পৰ্কীয় ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ আজি আৰম্ভণি আছিল।

Also Read: ভাল খবৰঃ সুখ্যাতিৰে উত্তীৰ্ণ দৰিদ্ৰ ছাত্ৰই পালে আৰ্থিক সাহাৰ্য্য...

Child laboure