ভূমিকেন্দ্ৰিক বিবাদত মহিলাসহ নিহত ২জন

ভূমিকেন্দ্ৰিক বিবাদত মহিলাসহ নিহত ২জন

author-image
Asomiya Pratidin
New Update
ভূমিকেন্দ্ৰিক বিবাদত মহিলাসহ নিহত ২জন

ডিজিটেল ডেস্কঃ মঙলবাৰে দৰঙৰ খাৰুপেটীয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ভূমিকেন্দ্রিক সংঘাতৰ পৰিণতিত মৃত্যু হয় মহিলাসহ দুজনৰ।

Advertisment

জানিব পৰা মতে, এটা গেৰেজ থকা এডোখৰ ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হয় সংঘাতৰ। মঙলবাৰে পুৱা প্ৰায় ৮০ জনীয়া এটা দুষ্কৃতিকাৰীৰ দলে আক্ৰমণ কৰে ভূ মাফিয়া জাহেৰ আলীৰ ঘৰত। তাৰ পাছতেই ভূমি দখল কৰাক লৈ দুই ফৈদৰ মাজত প্রচণ্ড মাৰপিটৰ সৃষ্টি হয়। দুয়োটা ফৈয়দৰ মাজত হোৱা এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলতে থিতাতে মৃত্যু হৈ ভূ মাফিয়া জাহেৰ আলী আৰু মাফিয়া খাতুন নামৰ মহিলাগৰাকীৰ।

আনহাতে এই ঘটনাৰ ফলত আহত হৈ আন কেইবাজনো লোক। গুৰুতৰভাৱে আহত কেইবাজনো লোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Also Read: পূজা মণ্ডপতে মানুহৰ গচকত শিশুসহ ২গৰাকী মহিলাৰ মৃত্যু

land conflict