বাইক দুৰ্ঘটনাত নিহত ২ যুৱক

বাইক দুৰ্ঘটনাত নিহত ২ যুৱক

ডিজিটেল সংবাদ, মঙলদৈঃ বৃহস্পতিবাৰে মঙলদৈ চমুৱাপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক দুৰ্ঘটনাত নিহত হৈছে দুজনকৈ যুৱক। চামুৱাপাৰাৰ অহকাত দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা এই দুৰ্ঘটনাত দুজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন।

নিহত লোক দুজন ক্ৰমে বৰক’লাৰ অজয় বিশ্বাস (২৪) আৰু চমুৱাপাৰা অধিকাৰীৰ আইনোল হ’ক (২২) বুলি জানিব পৰা গৈছে ৷ আহত ৰমেশ বিশ্বাস (২৪) বৰ্তমান মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৷ নিহত দুজনক মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

বাইক দুৰ্ঘটনাত নিহত ২ যুৱক
চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা দীপক বৰাৰ কৰুণ কাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in