চুটি ছবি “দেৱী বিসৰ্জন”ৰ শুভমুক্তি

চুটি ছবি “দেৱী বিসৰ্জন”ৰ শুভমুক্তি

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ বাপুজী ভৱন প্রেক্ষাগৃহত এল কে প্ৰডাক্টচনৰ বেনাৰত লিখক নাথৰ কাহিনী,চিত্রনাট্য,সংলাপ আৰু পৰিচালনাৰে তথা সংগীতেৰে নির্মিত চুটি ছবি "দেৱী বিসর্জন" শনিবাৰে শুভমুক্তি দিয়া হয় ৷ ছবিখনৰ সকলো কর্মকর্তাৰ লগতে আমন্ত্রিত কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে ছবিখন উপভোগ কৰি সহাৰি আগবঢ়ায় ৷

বর্তমান সমাজত নাৰীসকলক লৈ ঘটি থকা ঘটনা,তথা ধৰ্ষণ,প্রেম,সমাজ আদিৰ আলম লৈ নির্মিত ছবিখনক দর্শকে বিগত সময়ৰ ছবিসূহৰ দৰেই আঁকোৱালি ল'ব বুলি আশা প্রকাশ কৰিছে ৷ উল্লেখ্য যে লিখক নাথে বিগত সময়টো কেইবাখনো চুটি ছবি নিৰ্মাণ কৰি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্য্যায়ত সন্মান বুটলি আনিবলৈ সক্ষম হৈছে ৷

ছবিখন অভিনয় কৰিছে পম্পা শুভলক্ষ্মী, বিকাশ বৰা, চন্দন ভুঞাঁ,ৰিচা কলিতা,ৰক্তিম কলিতা,নয়ন প্রতিম হাজৰিকা,ভবেন গোহাঁই,সত্য বৰা,পাপু বৰা,কৰিশ্মা বৰা,ৰাণু কলিতা,লিখক নাথ,পল্লৱিকা হাজৰিকা,বিশ্বজিত বৰা,কাম্যঞ্জলী শইকীয়া আদিয়ে ৷

চুটি ছবি “দেৱী বিসৰ্জন”ৰ শুভমুক্তি
কৃষি বিনে নাই গতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in