মঙলদৈত উদ্ধাৰ ১২ জনকৈ শিশু শ্ৰমিক

মঙলদৈত উদ্ধাৰ ১২ জনকৈ শিশু শ্ৰমিক

author-image
Asomiya Pratidin
New Update
মঙলদৈত উদ্ধাৰ ১২ জনকৈ শিশু শ্ৰমিক

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত আকৌ উদ্ধাৰ ১২ জনকৈ শিশু শ্ৰমিক। জিলা শিশু সুৰক্ষা বিভাগ, জিলা শ্ৰম বিভাগ, দৰং জিলা প্ৰশাসন আৰু বেচৰকাৰী সংস্থা ছত্ৰৰ যৌথ অভিযানত মঙলদৈৰ দৈনিক বজাৰৰ পৰা বুধবাৰে উদ্ধাৰ কৰে ১২জনকৈ শিশু শ্ৰমিক ।

Advertisment

মঙলদৈৰ বিভিন্ন গেৰেজ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা শিশু শ্ৰমিক সকলক উদ্ধাৰ কৰি শিশু কল্যাণ সমিতিৰ হাতত চমজাই দিয়ে। পৰবৰ্তী পৰ্যায়ত শিশু কল্যাণ সমিতিয়ে শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিব বুলি মন্তব্য কৰে জিলা শিশু সুৰক্ষা বিষয়াই।

উল্লেখযোগ্য যে যোৱা মাহৰ শেষৰ সপ্তাহতো ১০-১২ জন শিশু শ্ৰমিক উদ্ধাৰ কৰিছিল।পুনৰ আজি ১২ জনকৈ শিশু শ্ৰমিক উদ্ধাৰ ঘটনাই জিলা খনত যে এতিয়াও একাংশ শিশু স্কুলত যোৱাৰ পৰিৱৰ্তে শ্ৰমিক হিচাপে নিয়োজিত হৈ আহিছে তাকে প্ৰতিপন্ন কৰিছে।

Also Read: পাকিস্তানত হত্যা হঞ্জলা আদনানক: CRPF ৰ কনভয় আক্ৰমণৰ মাণ্ডাৰ মাইণ্ড আছিল তেওঁ

child welfare