/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f56eeda5-462c-4aa9-91ca-9dfaeb338d2b/266.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ, ভূড়াৰগড় গাঁও পঞ্চায়তৰ বাঘৰবাৰী গাঁৱৰ অন্তৰ্গত ঐতিহাসিক ১১০ বছৰীয়া শিৱ মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে আগবাঢ়িছে বৃহত্বৰ বাঘৰবাৰী অঞ্চলৰ ৰাইজ । প্ৰায় ৭০ লাখ টকা ব্যয় সাপেক্ষে আটক-ধুনীয়াকৈ নিৰ্মাণ হ'ব লগা শিৱ মন্দিৰটিৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানটি মঙ্গলবাৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত সুকলমে সম্পন্ন হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/6dd3a438-4abe-4dcb-9a81-ba2e346538a4/f8109fc6_a59a_469a_92c3_9004deb61019.jpg)
পুৱা দেওধনি পুখুৰীৰ পৰা সমূহীয়া পানী তোলা কায্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত গছপুলি ৰোপণ আৰু ১০০১ গছি বন্তি প্ৰজ্বলন কৰা হয়। মুখ্য প্ৰজ্বালক হিচাপে উপস্থিত থাকে কাৰ্বি আংলং ৰেচম বিভাগৰ পৰিচালক ধ্ৰুৱকান্ত শৰ্মা।
ভূমিপূজক হিচাপে উপস্থিত থাকে ছিপাঝাৰৰ বিধায়ক ড° পৰামানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ- সভানেত্ৰী মৃণালিনী দেৱী, বিশিষ্ট সমাজসেৱিকা সংগীতা দেৱী, দৰং জিলাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক ভাৰত ভূষণ মহন্ত, বাঘৰবাৰী গাঁৱৰ জেষ্ঠ ব্যক্তি চেনীৰাম ডেকা। আধাৰশিলা স্থাপক হিচাপে উপস্থিত থাকে দৰং জিলাৰ যুৱ সমাজকৰ্মী হিতেশ চহৰীয়া, দানবীৰ বলী ডেকা, মংগলদৈ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ কৰ্মচাৰী মিহিৰাম কাকতি, যুৱ সমাজকৰ্মী অপূৰ্ব শৰ্মা, সমাজকৰ্মী কন্দৰ্প হাজৰিকা আৰু বিশিষ্ট সমাজসেৱক জয়ন্ত শৰ্মা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/ece20266-d528-4560-95d3-1a4c35257bd4/e3213165_4710_4886_bd54_3a447787f897.jpg)
মুকলি সভাৰ সভাপতি হিচাপে বাঘৰবাৰী শিৱ মন্দিৰ পুনৰ নিৰ্মাণ সমিতিৰ স্থায়ী সভাপতি গুৰুজ্যোতি দাসে সঞ্চলনা আৰু দিগন্ত শৰ্মাই পৰিচলনা কৰা সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষা ড° গীতালি কলিতাৰ লগতে দৰং জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা নিৰঞ্জন শইকীয়াই। ইয়াৰ লগতে বিশিষ্ট অতিথি আৰু আমন্ত্ৰীত অতিথি হিচাপে দৰং জিলাৰ প্ৰায় ২ শতাধিক ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে ৭০ লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া মন্দিৰটি যোগ্য কন্ট্ৰাকচন লিমিটেডে কাম কৰিব । অনুষ্ঠানত স্বত্বাধিকাৰী যোগ্যজ্যোতি বৰাই আটকধুনীয়া শিৱ মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/36ee5db3-73bc-4a00-85e5-cc3a20a6657f/3ed89bf5_1456_48e1_b19e_59389e3c112a.jpg)
মুকলি সভাত ভক্তিমূলক গীত পৰিবেশন কৰে দেওমৰনৈ অঞ্চলৰ বিশিষ্ট শিল্পী কমলা কলিতাই। উল্লেখ্য যে, শিৱ মন্দিৰটি ১১০ বছৰ হোৱাৰ পাছতো চৰকাৰী কোনো আচঁনিয়ে ঢুকি নোপোৱাত ক্ষোভ প্ৰকাশ কৰি বাঘৰবাৰী শিৱ মন্দিৰ পুনৰ নিৰ্মাণ সমিতিৰ মুখ্য সম্পাদক মৃদুল কলিতাই অসমৰ প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজক সাধ্যনুসাৰে বৰঙণি আগবঢ়াই মন্দিৰ নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
Also Read: বিজেপিক সমৰ্থন ! কমলাক্ষ দে পুৰকায়স্থক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ