বিজেপিক সমৰ্থন ! কমলাক্ষ দে পুৰকায়স্থক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ

এদিনৰ ভিতৰত কমলাক্ষ দে পুৰকায়স্থৰ স্থিতি আৰু অভিপ্ৰায় স্পষ্ট কৰিবলৈ আহ্বান

author-image
Asomiya Pratidin
New Update
বিজেপিক সমৰ্থন ! কমলাক্ষ দে পুৰকায়স্থক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ

ডিজিটেল ডেস্ক : প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদ ত্যাগ কৰাৰ পাছতে কমলাক্ষ দে পুৰকায়স্থক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। উত্তৰ কৰিমগঞ্জৰ বিধায়ক পুৰকায়স্থৰ বিভ্ৰান্তিমূলক তথা বিজেপি সমৰ্থন মন্তব্যৰ বাবে জাৰি কৰিছে জাননী।

Advertisment

বুধবাৰে সংবাদ মাধ্যমৰ আগত কৈছিল যে, কংগ্ৰেছত থাকি তেওঁ বিজেপি চৰকাৰক সমৰ্থন জনাব। সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত পুৰকায়স্থই চৰকাৰক সমৰ্থন কৰি যাব বুলি প্ৰদান কৰা বক্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে বিধায়কগৰাকী লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

জাননীখনত উল্লেখ কৰে যে, "এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ দৃষ্টিগোচৰ হৈছে যে আপুনি উন্নয়নৰ বিষয়ত ৰাজ্যিক বিজেপি চৰকাৰক আপোনাৰ সমৰ্থন আগবঢ়োৱা সংবাদ মাধ্যমৰ আগত বিবৃতি দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আপোনাৰ বিশ্বাস আৰু আনুগত্য ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে।

প্ৰদেশ কংগ্ৰেছে লক্ষ্য কৰিছিল যে, আপুনি বিজেপি চৰকাৰৰ ব্যাপক দুৰ্নীতি, ভূমি কেলেংকাৰী, চুপাৰী চিণ্ডিকেট আৰু বহুতো বিষয়ৰ বিৰুদ্ধে মাত মাতিছিল। যি সময়ত আপুনি বিজেপি চৰকাৰক সমৰ্থন জনোৱাৰ বাবে মুকলিকৈ প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জানিব বিচাৰে যে, আপুনি প্ৰদান কৰা ভাষ্য আৰু অন্যান্য আপত্তিজনক বিষয়বোৰ সমৰ্থন কৰিব নে নাই।"

ইয়াৰোপৰি জাননীখনত উল্লেখ কৰে যে, কমলাক্ষ দে পুৰকায়স্থৰ কাৰ্যকলাপে দলীয় কৰ্মীসকলৰ মনত ভুল ধাৰণাৰ সৃষ্টি কৰিছে। যিয়ে কংগ্ৰেছ দলৰ ভাবমূৰ্তি কলুষিত কৰিব পাৰে।

এনোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰি তেওঁক দলটোৱে তেওঁৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নালাগে সেই বিষয়ে তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়। এদিনৰ ভিতৰত কমলাক্ষ দে পুৰকায়স্থৰ স্থিতি আৰু অভিপ্ৰায় স্পষ্ট কৰিবলৈ নেতৃত্বই আহ্বান জনায়।

Also Read: কেজৰিৱাললৈ ই ডিৰ ষষ্ঠখন চমন

Bhupen Kumar Borah bjp assam congress Kamalakhya Dey Purkayastha Show cause notice