দৰঙত কিয় নিলম্বন হ’ল এছ.পি, এ.এছ.পি আৰু ধূলা থানাৰ অ’চি…

দৰঙত কিয় নিলম্বন হ’ল এছ.পি, এ.এছ.পি আৰু ধূলা থানাৰ অ’চি…

author-image
asomiyapratidin
New Update
দৰঙত কিয় নিলম্বন হ’ল এছ.পি, এ.এছ.পি আৰু ধূলা থানাৰ অ’চি…

ডিজিটেল ডেস্ক : যোৱা ১১ জুনত দৰঙ জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল। ঢেকীয়াজুলিৰ প্ৰজা পথৰ ১৩ বছৰীয়া এগৰাকী কিশোৰী চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। সেই কিশোৰী গৰাকী কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল।

Advertisment

উল্লেখ্য যে ঘটনাৰ তদন্তৰ বাবে ধূলা আৰক্ষী থানাত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল যদিও সেই ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল। এই সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাত ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে। কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশনাকো আওকাণ কৰি ঘটনাৰ তদন্ত নকৰাত নিলম্বিত হ'বলগা হ'ল দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক লগত লৈ বিষয়টোৰ সংক্ৰান্তত মৃত কিশোৰী গৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিবলৈ ঢেকীয়াজুলিৰ প্ৰজাপথৰ বাসগৃহত উপস্থিত হৈছিল। তেতিয়াই আৰক্ষীৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ কথা পোহৰলৈ অহাত নিলম্বিত হ'বলগা হয় তিনিওগৰাকী।

উল্লেখ্য যে ঘটনা সংক্ৰান্তত এটা বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে। তিনিজনীয়া বিশেষ তদন্তকাৰী দলটোত দুগৰাকী মহিলা বিষয়াক অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে, মৃত কিশোৰীগৰাকীৰ দৰিদ্ৰ পৰিয়ালটোক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ বাবেও উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আৰু পঢ়ক : দোকানত আৰু নাপাব জনছন বেবী পাউদাৰ…

assam Assam police himanta biswa sarma bjp darrang