দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ বক্তৃতানুষ্ঠান

দেওবাৰে সাহিত্য সভা প্ৰকল্পত ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ ৰামচন্দ্ৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয় "আকাশৰ অনুষ্ঠান" শীৰ্ষক বক্তৃতানুষ্ঠান।

author-image
Asomiya Pratidin
New Update
দৰং  জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ বক্তৃতানুষ্ঠান

ডিজিটেল সংবাদ,মঙলদৈঃ দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষীয় কাৰ্যসূচী হিচাপে দেওবাৰে সাহিত্য সভা প্ৰকল্পত ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ ৰামচন্দ্ৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয় "আকাশৰ অনুষ্ঠান" শীৰ্ষক বক্তৃতানুষ্ঠান। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে দুনী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জুৰিপ্ৰিয়া দেৱীয়ে ।

Advertisment

ভাষণত তেওঁ দৰঙী মহিলাসকলে সৰ্বদিশতে প্ৰদৰ্শন কৰা পাৰদৰ্শিতা প্ৰশংসনীয়, নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা বুলি উল্লেখ কৰি তথ্য সমৃদ্ধ বক্তব্য প্ৰদান কৰে। সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানত মঙলদৈ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কালিন্দ্ৰ বৰুৱা আৰু শাখা সভাৰ উপ সভাপতি অৰ্পণা বৰঠাকুৰে সকলোকে আদৰণি জনায়।

শাখা সভাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল চহৰীয়াই বন্তি প্ৰজ্বলনেৰে আৰম্ভণি কৰা বক্তৃতানুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিত্ৰয় ফুলেন্দ্ৰ নাথ চহৰীয়া, চহিৰ ভূঞা, বৰদা শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুঞ্জ দেৱী, ভক্তিদেৱী চহৰীয়া, অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা, অধিবক্তা আব্দুল মালিক আদিয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত আকাশৰ সদস্যাসকল মীৰা হাজৰিকা, অনুপমা ডেকা, প্ৰণতি দেৱী, বৰ্ণালী শইকীয়া, সোণেশ্বৰী দাসে কবিতা পাঠ কৰাৰ লগতে অকণি কাকতি, অনুপমা বৰুৱা, চিত্ৰলেখা দেৱী, কুন্তলা ডেকা, অখিল চন্দ্ৰ চৌধুৰী আদিয়ে গীত পৰিৱেশন কৰে। মঙলদৈ সাহিত্য সভাৰ সম্পাদক প্ৰমোদ চন্দ্ৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়।

Also Read: শোণিতপুৰৰ বিশিষ্ট সমাজসেৱক কমিচন মিলিক হিতৈষী বঁটা প্ৰদান