দৰঙত জল জীৱন আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতিৰ অভিযোগ জিলা ছাত্ৰ সন্থাৰ

দৰঙত জল জীৱন আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতিৰ অভিযোগ জিলা ছাত্ৰ সন্থাৰ

author-image
asomiyapratidin
New Update
দৰঙত জল জীৱন আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতিৰ অভিযোগ জিলা ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ,মঙলদৈ: সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া আৰু সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত কয় যে দৰং জিলাৰ বিভিন্ন প্ৰান্তত ৰূপায়ন হৈ থকা জল জীৱন আঁচনিৰ কাম সমূহ লেহেমীয়া তথা নিম্ন মানদণ্ডৰ হোৱাৰ লগতে ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱা পৰিলক্ষিত হৈছে।বিভিন্ন আঁচনিত প্ৰাককলন মতে কাম কৰা নাই,আনকি কিছুমান কামত পুৰণি পাইপকে পুনৰ ব্যৱহাৰ কৰাও দেখা গৈছে।কাম সম্পূৰ্ণ নহওঁতেই বিভিন্ন আচনিত পানীৰ পাইপ ফাটি পানী ওলাই অহাও দেখা গৈছে।সেয়ে সদৌ দৰং জিলা ছাত্ৰ সন্থাই সমগ্ৰ বিষয়টি উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি কাম সমূহত হোৱা দুৰ্নীতি নিবাৰণ কৰাৰ লগতে দুৰ্নীতগ্ৰস্থ বিষয়া কৰ্মচাৰী সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে।

Advertisment

একেটা বিবৃতিতে আছুৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী আৰু কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াই কয় যে সমগ্র দৰং জিলাত হৈ থকা জল জীৱন আঁচনিৰ কাম সমূহ দুৰ্নীতি অনিয়ন স্বজন তোষণ ৰ জৰিয়তে কাম সমূহ চলাই আছে।যাৰ ফল ভোগ কৰিব লগা হৈছে জিলা খনৰ সাধাৰণ নাগৰিক সকলে। মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি মুক্ত অসমৰ কথা কোৱা সময়তে এনেকুৱা দুৰ্নীতি সমূহত জঢ়িত বিষয়া কৰ্মচাৰীক কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে আমি তীক্ষ্ণ দৃষ্টি ৰাখিম।

লগতে প্ৰায় ১২ কোটিৰো অধিক টকাৰে নিৰ্মাণ কৰা মঙলদৈ চহৰৰ বাবে নগৰীয়া পানী যোগান আঁচনি খন বৰ্তমান ধোঁৱাচাঙত উঠিছে। দুবাৰকৈ দুজন বিভাগীয় মন্ত্ৰীয়ে আঁচনি খন মুকলি কৰাৰ পিছতো মঙলদৈ চহৰবাসীয়ে আজিকোপতি বিশুদ্ধ খোৱা পানী লাভ কৰা নাই।অনতিপলমে এই আঁচনি খন কাৰ্যক্ষম কৰিবলৈ ছাত্ৰ সন্থাই সজোৰে দাবী জনায়।

assam darrang