/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/WhatsApp-Image-2022-03-13-at-6.14.35-PM.jpeg)
ডিজিটেল সংবাদ, মঙলদৈ: অসম কবি সমাজৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি এইবেলি দৰং জিলা কবি সমাজৰ উদ্যোগত বালিপোতাত অনুষ্ঠিত হয় । দেওবাৰে পুৱাৰ কাৰ্যসূচী ৰূপে অসম কবি সমাজৰ পতাকা উত্তোলন কৰে সভাপতি ৰাজেন্দ্ৰ বৰদলৈ য়ে,স্মৃতি তৰ্পন কৰে সাংবাদিক গৌতম তালুকদাৰ ৰে আৰু মুখ্য বন্তি প্ৰজ্বলক সুৰেন মোহন ৰাভা ইয়াৰ লগতে আন ৩৪ গৰাকী বিশিষ্ট ব্যক্তি য়ে বন্তি প্ৰজ্বলন কৰে।
সভা উদ্ধোধন কৰে প্ৰতিবিম্ব লাইভৰ সঞ্চালক ড৹ ভবেশ দাসে সভা সঞ্চালনা কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈ, আদৰণি ভাষণ আগবঢ়াই দৰং কবি সমাজৰ সভাপতি চন্দ্ৰ প্ৰসাদ শইকীয়া, বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে মংগলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, মায়ং কনিষ্ঠ মহাবিদ্যালয়ত অধ্যক্ষ বিনয় চলিহা,সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, দৰং জিলা সাহিত্য সভাৰ দৌৰংগ বাৰ্তাৰ সম্পাদক ম: চাহাবুদ্দিন আহমেদ ।
মুকলি সভাত দৰং কবি সমাজৰ পৰা কাব্য প্ৰতিভা বটাঁ আগবঢ়োৱা হয় যুৱ লেখক অপূৰ্ব শৰ্মালৈ আৰু কাব্য প্ৰাণ বটাঁ আগবঢ়োৱা হয় প্ৰগতিশীল লেখিকা শাশ্বতী শৰ্মালৈ। মুকলি সভাত তিনিখন গ্ৰন্থ উন্মোচন হয়। দৰং জিলা কবি সমাজৰ সহকাৰী সম্পাদক তথা বিশিষ্ট জ্যোতিষী ৰাজীৱ শৰ্মাই মঙলাচৰণ কৰে গ্ৰন্থ উন্মোচনীৰ সময়ত । ডাঃ কমলাকান্ত শৰ্মাৰ ক'লৈ গৈ আছোঁ, জয়ন্ত ৰাজবংশীৰ মই এজন পুৰুষে কৈ আছোঁ আৰু জ্যোৎস্না শইকীয়াৰ এমুঠি ৰ'দ। গ্ৰন্থ কেইখন উন্মোচন কৰে কবি তথা অসম কবি সমাজৰ সম্পাদক ৰাজীৱ কুমাৰ ফুকন, কবি ড৹ হৃদয় ৰঞ্জন দাস, কবি তথা অধ্যাপক হেমেন ৰাজবংশী।
কবি সমাৰোহৰ সঞ্চালক ৰূপে উপস্থিত থাকে তৰুণ আজাদ ডেকা,লেখিকা তথা সাংবাদিক মনীষা শৰ্মা। লগতে অনুষ্ঠানত অসমৰ কেইবাগৰাকীও সাহিত্যিক,কবি আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ পৰিচালনা কৰে অসম কবি সমাজ সম্পাদক ৰাজীৱ কুমাৰ ফুকন আৰু দৰং জিলা কবি সমাজৰ প্ৰধান সম্পাদক জয়ন্ত ৰাজবংশীয়ে । কবি সন্মিলনত অসমৰ কেইবাগৰাকীও বিশিষ্ট কবিয়ে কবিতা পাঠ কৰে ক্ৰমে গুৱাহাটীৰ গীতা ৰানী সিনহা, ধীৰেণ শইকীয়া,মিনতি মহন্ত,বিন্দানী দেৱী,কিৰণ বৰা,অনিমা মেধি, বৰ্ণালী বৰা বৈশ্য , দৰং জিলাৰ পপী চহৰীয়া,পল্লৱ বৰুৱা, অপূৰ্ব শৰ্মা, বিন্দু ৰাজবংশী কলিতা,হিমনয়নী শৰ্মা,ভূপালী শৰ্মা ৰ লগতে কেইবাগৰাকীও কবিয়ে কবিতা পাঠ কৰে ।