Advertisment

এছ.পি, এ.এছ.পি আৰু অ’চিৰ পাছত নিলম্বন দৰঙৰ তদন্তৰাকী বিষয়া আনোৱাৰ হুছেইন…

এছ.পি, এ.এছ.পি আৰু অ’চিৰ পাছত নিলম্বন দৰঙৰ তদন্তৰাকী বিষয়া আনোৱাৰ হুছেইন…

author-image
asomiyapratidin
New Update
এছ.পি, এ.এছ.পি আৰু অ’চিৰ পাছত নিলম্বন দৰঙৰ তদন্তৰাকী বিষয়া আনোৱাৰ হুছেইন…

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : দৰঙৰ তিনি গৰাকী আৰক্ষী বিষয়াক শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিলম্বন কৰাত ধন্যবাদ জনালে আদিবাসী ছাত্ৰ সন্থা আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে। শেহতীয়াভাৱে ধূলাথানাৰ তদন্তকাৰী বিষয়া (IO) আনোৱাৰ হুছেইনক নিলম্বন।

Advertisment

যোৱা ১১ জুন তাৰিখে দৰঙৰ ধূলাত আদিবাসী কিশোৰী এগৰাকীৰ আত্মহত্যাক কেন্দ্ৰ কৰি নিলম্বিত হয় দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰা আৰু ধূলা থানাৰ সেইসময়ৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা ।

SSBত কৰ্মৰত কৃষ্ণ কমল বৰুৱাৰ ঘৰত বনকৰা ছোৱালী হিচাপে থকা আদিবাসী কিশোৰী গৰাকীৰ আত্মহত্যাৰ কথাটো পৰিয়ালৰ লোকে মানি লব পৰা নাছিল । সেয়ে ১২ জুনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত ধূলা থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

উল্লেখযোগ্য যে ধুলা থানাৰ তদানীন্তন আৰক্ষী বিষয়া উৎপল বৰা ইতিমধ্যে ভুৱা কেছ জাপি দিয়া এটি কেচত জেল হাজোতত আছে ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপক আদৰণি জনায় আদিবাসী ছাত্র সংস্থাৰ তিহাৰো গৌড় আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মফিদুল ইছলামে । উক্ত ঘটনাটোক লৈ ইতিমধ্যে তিনি জনীয়া SIT গঠন কৰা হৈছে। SIT য়ে যেন সঠিক দিশত তদন্ত কৰি দোষীক দৃষ্টান্ত মূলক শাস্তি দিবলৈ আহ্বান জনায়।

আৰু পঢ়ক : লামডিঙত ছাত্ৰীক ধৰ্ষণৰ অভিযুক্তৰ শাস্তি বিচাৰি বিজেপিৰ সংবাদমেল…

assam himanta biswa sarma bjp Assam police