লামডিঙত ছাত্ৰীক ধৰ্ষণৰ অভিযুক্তৰ শাস্তি বিচাৰি বিজেপিৰ সংবাদমেল…

লামডিঙত ছাত্ৰীক ধৰ্ষণৰ অভিযুক্তৰ শাস্তি বিচাৰি বিজেপিৰ সংবাদমেল…

ডিজিটেল সংবাদ, লামডিঙ : হোজাই জিলাৰ লামডিঙত জোকাৰি যোৱা ধৰ্ষণ তথা হত্যা কাণ্ডই সমগ্ৰ লামডিং কঁপাই তুলিছিল ৷ যোৱা ১ আগষ্টৰ নিশা লামডিঙৰ কৃষ্ণবস্তিৰ শাল বাগানত এগৰাকী ছাত্ৰীক ঘৰ্ষণ কৰি হত্যা কৰিছিৱ তিনি নৰপিশাছে ৷ বৰ্তমানেও আৰক্ষী সঞ্চালক প্ৰধান তথা মুখ্যমন্ত্ৰীৰ তত্তাৱধানত লামডিঙত CID আৰু লামডিং আৰক্ষীয়ে অব্যাহত ৰাখিছে ছাত্ৰীৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ তদন্ত ৷ ইয়াৰ মাজতে লামডিং বিজেপি মণ্ডলে শনিবাৰে এখনি সংবাদমেলৰ আয়োজন কৰে ৷

ছাত্ৰীৰ হত্যাৰ লগত জড়িত হত্যাকাৰীক কঠোৰ শাস্তি দিবলৈ দাবী জনায় বিজেপি মণ্ডলৰ সম্পাদক অনিমেশ মিশ্ৰই ৷ মিশ্ৰই জনায় যে 'লামডিঙত সংঘটিত হোৱা এই হত্যাকাণ্ড অতি দুৰ্ভাগ্যজনক ঘটনা ৷ ইয়াৰ পূৰ্বে এনে ঘটনা ঘটা নাছিল ৷ অভিযুক্ত মিঠুন পালে বিগত বহু বছৰ ধৰি লামডিঙত বিভিন্ন অসামাজিক কামত লিপ্ত হৈ থকাৰ লগতে বনমাফিয়াকে ধৰি ডকাইতিৰ লগতো জড়িত হৈ আছে আৰু সেই সংক্ৰান্তত লামডিঙ থানাত গোচৰ ৰুজু হৈ আছে ৷ সেয়হে তেনে অপৰাধী আইনৰ সুৰুঙাৰে এইবাৰ পলাই সাৰিব নোৱাৰে সেই সন্দৰ্ভত আৰক্ষীয়ে কঠোৰতম ব্যৱস্থা লওক ৷'

আনফালে এনে অপৰাধীক বিজেপি কৰ্মীয়ে কোনো দিনেই পশ্ৰয় দিয়া নাছিল আৰু পশ্ৰয় দিয়াৰ প্ৰশ্নই নুঠে ৷ সেয়হে অসম আৰক্ষী তথা হোজাই আৰক্ষী অধীক্ষক গৰাকীক অনুৰোধ জনাই সম্পাদক মিশ্ৰই কয় যে "মিঠুন পালক অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰে যাতে আগন্তুক দিনত লামডিঙত এনে জঘন্য অপৰাধ কৰিবলৈ কোনো পাষণ্ডই সাহস কৰিব নোৱাৰে ৷ মিঠুন পালৰ লগতে অভিযুক্ত আন দুজন দোষীৰ কঠোৰতম শাস্তি প্ৰদান কৰি লামডিঙ সুখৰ বাৰ্তা দিয়ে যেন আৰক্ষীয়ে তেতিয়াহে লামডিঙৰ ৰাইজে শান্তি পাব ৷"

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in