/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/77934c14-8be0-40ec-b66d-8e5a4afa525c/cscscs.jpg)
darrang
ডিজিটেল ডেস্ক : মঙলদৈৰ ধুলাত কিশোৰী হত্যাকাণ্ডৰ গোচৰে নতুন মূৰ ধাৰণ কৰিছে। ধনৰ বিনিময়ত অপৰাধীক ৰেহাই দিয়া তথ্য ইতিমধ্যে চি.আই.ডিয়ে লাভ কৰিছে। ৩ টা কিস্তিত ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই ৫ লাখ টকা আদায় লৈ এই হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিছিল।
এই ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা দৰং জিলাৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনে ডেৰ লাখ টকা লৈছিল। চি.আই.ডিয়ে সদৰি কৰা তথ্য অনুসৰি আৰক্ষীৰ উপৰিও চিকিৎসকেও এই ঘটনা গাপ দিবলৈ চেষ্টা কৰিছিল।
ইতিমধ্যে চি.আই.ডিয়ে গ্ৰেপ্তাৰ কৰা চিকিৎসক ডা : অৰুণ চন্দ্ৰ ডেকা, ডা: অজন্তা বৰদলৈ, ডা: অনুপম শৰ্মাই মঙলদৈৰ অসামৰিক চিকিৎসালয়ত প্ৰথমটো মৰণোত্তৰ পৰীক্ষা কৰিছিল। তেওঁলোকে দিয়া প্ৰথমখন প্ৰতিবেদনত কিশোৰীগৰাকীৰ মৃতদেহত কোনো আঘাতৰ চিন নাই বুলি স্পষ্ট কৈ লিখিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/fdc29be6-e3ed-441b-908f-910d27722c38/111.jpg)
চি.আই.ডিয়ে সমগ্ৰ ঘটনা তদন্ত কৰাৰ পাছত মৃতদেহ খান্দি দ্বিতীয়বাৰ জি.এম.চি.এইছৰ চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰাত আঘাতৰ চিন ধৰা পৰিছিল। ফৰেনচিক আৰু ডি.এন.এ পৰীক্ষাত কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা তথ্য পোহৰলৈ আহে।
যিগৰাকী এছ.এছ.বি জোৱানৰ ঘৰত কিশোৰীগৰাকী বন কৰা ছোৱালী হিচাপে আছিল তেওঁ এই কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলাই পৰিকল্পিতভাৱে হত্যা কৰিছিল। ধুলা থানাৰ আৰক্ষীয়ে এই ঘটনাক আত্মহত্যা বুলি উল্লেখ কৰি এই গোচৰৰ ফাইল বন্ধ কৰি দিছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চি.আই.ডিয়ে গোচৰটো নিজা হাতলৈ নিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2b2c0be2-502a-4444-9da5-eda9c46f77d0/2222.jpg)
তাৰ পাছতেই সমগ্ৰ কৰ্ম-কাণ্ড পোহৰলৈ আহে। সেই সময়ত দৰঙত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত ৰাজমোহন ৰায়ৰ বিৰুদ্ধেও অভিয়োগৰ অঙুলি উঠিছে। চি.আই.ডিয়ে তেওঁ বাসগৃহত অভিযান চলাইছে যদিও তেওঁ বৰ্তমান পলাতক হৈ আছে।