পানী যোগান প্ৰকল্পৰ পাইপ স্থাপনৰ বাবে খন্দা গাঁতত পৰিল ইন্ধন ভৰ্তি টেংকাৰ...

পানী যোগান প্ৰকল্পৰ পাইপ স্থাপনৰ বাবে খন্দা গাঁতত তেলভৰ্তি টেংকাৰ এখন সোমাই পৰাত যাতায়ত যোগাযোগ ব্যাহত হৈ পৰে

author-image
Asomiya Pratidin
New Update
পানী যোগান প্ৰকল্পৰ পাইপ স্থাপনৰ বাবে খন্দা গাঁতত পৰিল ইন্ধন ভৰ্তি টেংকাৰ...

dumunisuk

ডিজিটেল সংবাদ, দুমুনিচকী : পানী যোগান প্ৰকল্পৰ পাইপ স্থাপনৰ বাবে খন্দা গাঁতত তেলভৰ্তি টেংকাৰ এখন সোমাই পৰাত বৃহস্পতিবাৰে দৰং জিলাৰ দুমুনিচকী দীপিলা সংযোগী পথেৰে যাতায়ত যোগাযোগ ব্যাহত হৈ পৰে।

Advertisment

জানিব পৰা মতে দৰং জিলাৰ দুমুনিচকীত জল-জীৱন মিছনৰ অধীনত নিৰ্মীয়মান অৱস্থাত থকা দুমুনীচকী পানী যোগান প্ৰকল্পৰ পাইপ স্থাপনৰ কাম চলি আছে। জল-জীৱন মিছনৰ অধীনত দুমুনিচকী প্ৰকল্পৰ বাবে খন্দা উক্ত পাইপ লাইনৰ গাঁতত এচ ০১ এফ চি ৭৮৬৭ নম্বৰৰ এখন ইন্ধন ভৰ্তি টেংকাৰ সোমাই পৰে।

ফলত গড়কাপ্তানী পথটোৰে কেইবাঘণ্টা ধৰি যাতায়ত যোগাযোগ ব্যাহত হৈ পৰাৰ লগতে যিকোনো সময়ত ইন্ধন নিৰ্গত হৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰে স্থানীয় লোক সকলে। পিছত দুখনকৈ জেচিবিৰে টেংকাৰখন উঠাবলৈ চেষ্টা কৰে যদিও উঠাবলৈ সক্ষম নহয়।

শেষত উন্নত মানৰ এখন হাইড্ৰোলিক ক্ৰেন ব্যৱহাৰ কৰি ইন্ধন ভৰ্তি টেংকাৰখন উঠাবলৈ সক্ষম হয়। উল্লেখ্য যে অঞ্চলটোৰ বিভিন্ন ঠাইত পাইপ স্থাপনৰ নামত খন্দা গাঁতত ঠিকাদাৰ পক্ষয় পৰ্যাপ্ত পৰিমাণৰ মাটি নিদিয়াৰ ফলতে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব দিয়ে স্থানীয় লোকে।

assam darrang