দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন

দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন

"সাম্প্ৰতিক সময়ত মদৰ অবাধ প্ৰচলনে সমাজ জীৱন অতীষ্ঠ কৰিছে । হত্যা,হিংসা,ধৰ্ষণ,মাৰপিট আদি অপ্ৰত্যাশিত ঘটনাই সমাজ জীৱনক বিপৰ্য্যস্ত কৰিছে..."

ডিজিটেল সংবাদ,দৰংঃ "সাম্প্ৰতিক সময়ত মদৰ অবাধ প্ৰচলনে সমাজ জীৱন অতীষ্ঠ কৰিছে । হত্যা,হিংসা,ধৰ্ষণ,মাৰপিট আদি অপ্ৰত্যাশিত ঘটনাই সমাজ জীৱনক বিপৰ্য্যস্ত কৰিছে এনে প্ৰেক্ষাপটত প্ৰতি গৰাকী জ্যেষ্ঠ নাগৰিকে সমাজৰ কামত আত্মনিয়োগ কৰি সমাজ জীৱনৰ উত্তৰনত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব।" বুধবাৰে দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৩য় বাৰ্ষিক অধিবেশনৰ মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান প্ৰসন্ন কুমাৰ বৰঠাকুৰে এনেদৰে কয়।

ভাষণ প্ৰসংগত বক্তাগৰাকীয়ে সমাজৰ হকে জ্যেষ্ঠ সকলে উৰ্ধতম কৰ্তৃত্বশীল পক্ষৰ লগত আলোচনা কৰাৰ কথাও ব্যাখ্যা কৰে। জ্যেষ্ঠ নাগৰিকৰ জীৱন ধাৰন সূচলতাৰ বাবে মাহেকে ২৫০টকা পেন্সন পোৱা সকলক কমেও ২০০০টকা বৰ্ধিত ৰূপত দিয়াৰ বাবে ইতিমধ্যে চৰকাৰক আবেদন জনোৱাৰ কথা জানিব দিয়ে।

জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বলবাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে শিক্ষা বটাঁৰে বিভূষিত শিক্ষক চন্দ্ৰ চহৰীয়াই। সভাত মুখ্য অতিথিৰ ভাষণত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ খাউন্দে জ্যেষ্ঠ নাগৰিক সকল মৰ্যাদা পূৰ্ণ জীৱন অতিবাহিত কৰাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ ভাষণ দিয়ে।

শিক্ষা ক্ষেত্ৰত পাঠ্যক্ৰমত জ্যেষ্ঠসকলৰ প্ৰতি কণিষ্ঠৰ কৰ্তব্য বিষয়ত পাঠ্যক্ৰম যুগুত কৰা প্ৰয়োজন বুলি কয়। জিলা সম্পাদক হৰি চন্দ্ৰ শৰ্মাই আঁত ধৰা সভাত ৮০ৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক প্ৰাক্তন অধ্যক্ষ ড০ লোকেশ্বৰ নাথক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।সৰ্বভাৰতীয় প্ৰতিযোগিতাত ৩ টাকৈ স্বৰ্ণ পদক লাভ কৰা ৭০ ৰ উৰ্ধৰ পূৰ্ণিমা কলিতাক ফুলাম গামোচা আৰু মানপত্ৰেৰে সম্বৰ্দ্ধনা জনোৱা হয়।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখি ডা০ কমলা কলিতাই জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত ল'বলগীয়া গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে বিস্তাৰিত ভাবে ব্যাখ্যা কৰে। আন এগৰাকী আমন্ত্ৰিত অতিথি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰচাৰ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে আদৰ্শ শান্তিপূৰ্ণ সমাজ এখন গঢ়নত দ্বিতীয় মহাসমৰৰ পিছতে জাপানী জ্যেষ্ঠ নাগৰিকে লোৱা ভূমিকাৰে আমিও আমাৰ নিজৰ সমাজত গাঁৱে ভূঞে কাম কৰাত গুৰুত্ব আৰোপ কৰে।

৩ শতাধিক জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত সভাত দৰংৰ চিঞা গীতকে ধৰি মনোগ্ৰাহী সাংস্কৃতিক অনুষ্ঠান পৰিবেশনে সমবেত সদৌটিকে আপ্লুত কৰে। দিনজোৰা কাৰ্যসূচীৰ ভিতৰত ৰাতিপুৱা পৰিবেশ নিকাকৰণ, বন্তি প্ৰজ্বলন , পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ অন্তত দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি অতুল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাই কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন
ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in