দৰঙত জাপানিজ এনকেফেলাইটিজে লৈছে ভয়ংকৰ ৰূপ, ৭জনৰ মৃত্যু…

দৰঙত জাপানিজ এনকেফেলাইটিজে লৈছে ভয়ংকৰ ৰূপ, ৭জনৰ মৃত্যু…

author-image
asomiyapratidin
New Update
দৰঙত জাপানিজ এনকেফেলাইটিজে লৈছে ভয়ংকৰ ৰূপ, ৭জনৰ মৃত্যু…

প্ৰতিদিন ডিজিটেল সংবাদ,‌  মঙলদৈ :  দৰঙত জাপানিজ এনকেফেলাইটিজৰ আতংক। নাই কোনো ফগিং, নাই কোনো সজাগতা। বানে ধোৱা দৰঙত জাপানিজ এনকেফেলাইটিজ ৰোগত কেবাগৰাকীও লোকৰ মৃত্যু হোৱাত সম্প্রতি জিলাখনত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰে জনসাধাৰণৰ মাজত কেতবোৰ ন ন আচঁনি ঘোষনা কৰিছে।

Advertisment

কিন্তু স্বাস্থ্য খণ্ডৰ  বিয়াগোম মেলেৰিয়া বিভাগে এই ক্ষেত্ৰত লোৱা নাই কোনোধৰণৰ পদক্ষেপ, এই অভিযোগ ৰাইজৰ। বান বিভিষিকাৰ পিছত বিভাগটোৱে জনসাধাৰণৰ মাজত কোনো ধৰণৰ সজাগতাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই।

বৰ্তমানলৈ জাপানিজ এনকেফেলাইটিজ ৰোগত সাতগৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতো গা লৰা নাই বিভাগটোৰ। কিছুদিন আগতে দৰঙৰ খাৰুপেটিয়াৰ অশোক সাহা (৪৫), খাৰুপেটিয়াৰ পদোঘাটৰ বাগদাদ হুছেইন(১২), ৰুমিজা বেগম(৩৮)ৰ জাপানিজ এনকেফেলাইটিজ ৰোগত মৃত্যু হয়।

আনহাতে, এনকেফেলাইটিজ সদৃশ (এইএছ) ৰোগত মঙলদৈ গাঁৱৰ ৰতন ৰয় (৫০), মহেশ্বৰ কলিতা(৭০), নামখলা, উদয় চহৰীয়া( ০৩), মঙলদৈৰ গেৰিমাৰীৰ দেৱকান্ত ভূঞা(৬২)ৰ মৃত্যু হোৱাত এক আতংকৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে দেৱকান্ত ভূঞাৰ জাপানিজ এনকেফেলাইটিজ ৰোগত মৃত্যু হোৱা বুলি দাবী কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই এয়া জাপানিজ এনকেফেলাইটিজ সদৃশ ৰোগ (এইএছ)ত হে মৃত্যু হোৱা বুলি সদৰি কৰে।

ইপিনে আছুৰ বৃত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশীয়ে জিলা মেলেৰীয়া বিভাগৰ অকৰ্মণ্যতাৰ বাবেই জিলাখনত কেবাজনো লোকে প্রাণ হেৰুৱাব লগা হ'ল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।

লগতে তেওঁ সময় থাকোতে ইয়াৰ যথোচিত কাৰ্যব্যৱস্থ্য গ্রহণ কৰি নিয়ন্ত্রনৰ ব্যৱস্থা কৰিবৰ বাবে জিলা প্রশাসনক দাবী জনায়। বিভাগীয় কৰ্তৃপক্ষৰ হেমাহী আৰু পৰ্যাপ্ত ফগিং আৰু সজাগতাৰ অভাৱে আৰু বহু লোকৰ প্রাণ কাঢ়ি নিব বুলিও লগতে তেঁও আশংকা প্রকাশ কৰে।

আৰু পঢ়ক : গ্ৰামাঞ্চলত অসাৰ জলজীৱন মিছন! এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ গঞা ৰাইজৰ…

assam keshab mahanta himanta biswa sarma Assam police