গ্ৰামাঞ্চলত অসাৰ জলজীৱন মিছন! এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ গঞা ৰাইজৰ…

গ্ৰামাঞ্চলত অসাৰ জলজীৱন মিছন! এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ গঞা ৰাইজৰ…

ডিজিটেল সংবাদ গোলাঘাটঃ ভাৰতীয় জনতা পাৰ্টিয়ে ক্ষমতালৈ আহিয়েই ৰাজ্যখনৰ বাট পথৰ উন্নয়ন , খোৱা পানীৰ সমস্যা সমাধান আদি মৌলিক সমস্যাসমূহ সমাধানৰ বাবে নানান আঁচনি ঘোষণা কৰি চমকৰ সৃষ্টি কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত সেয়া অসাৰ হোৱা হে দেখা গৈছে। বিশেষকৈ গোলাঘাট জিলাৰ গ্ৰামাঞ্চলত সমূহত এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে।

জিলাখনৰ কৃষিমন্ত্ৰীৰ গৃহসমষ্টিতে এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে মানুহে দুৰ্ভোগ ভুগিব লগীয়া হৈছে।জিলাখনৰ বোকাখাত সমষ্টিৰ ৰঙামাটি চেউনী গাঁৱত এতিয়া জনসাধাৰণলৈ খোৱা পানী যোগানৰ ব্যৰ্থ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ।

প্ৰাপ্ত তথ্য অনুসৰি বিভাগটোৰ অভিলাসী পানীযোগান আঁচনিখনে দুই শতাধিক পৰিয়ালক সামৰি জলজীৱন মিছনৰ অধীনত এখন পানী যোগান আঁচনি গ্ৰহণ কৰা হৈছিল যদিও এই আচঁনিৰ জৰিয়তে ৫০ ঘৰ লোকলৈয়ো নিয়মিত পানী যোগান ধৰাৰ ক্ষেত্ৰত বিভাগটো ব্যৰ্থ হৈছে । আঁচনি অনুসৰি গাঁওখনৰ প্ৰতিঘৰতে পাইপ,পানীৰ টেপ আদি স্থাপন কৰা হ'ল যদিও অধিকাংশ লোকৰ ঘৰলৈ পানী যোগান ধৰাত চৰকাৰী বিভাগটো ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ।

অন্যহাতে বহু সংখ্যক পানীৰ টেপ,পাইপ আদি হাবি জংঘলেৰে আৱৰি ধৰাৰ ফলত সেইবোৰ নষ্ট হৈ যোৱাৰো উপক্ৰম ঘটিছে। এই ৰঙামাটি চেউনী গাঁৱৰ ৰাইজে এনেদৰে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱাপানীৰপৰা বঞ্চিত হৈ অহাৰ ফলত গাঁওখনৰ বহুলোকে স্বাস্থ্য জনিত সমস্যাতো ভোগ কৰিছে বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলে দিয়ে । বৰ্তমান গাঁওখনৰ ৰাইজে এই দীৰ্ঘদিনীয়া সমস্যা টো সমাধান কৰি এটুপি বিশুদ্ধ খোৱা পানী নিয়মীয়াকৈ গাঁওখনৰ ৰাইজক যোগান ধৰিবলৈ বিধায়ক তথা মন্ত্ৰী অতুল বৰালৈ কাতৰ আহ্বান জনাইছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in