শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত তিনিদিনীয়া দৌল যাত্ৰা মহোৎসৱ

বিয়লি ভাগৱত পাঠ অনুষ্ঠানত অগণন ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে
শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত তিনিদিনীয়া দৌল যাত্ৰা মহোৎসৱ

ডিজিটেল সংবাদ, ঢকুৱাখনা: শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল যাত্ৰা মহোৎসৱ। ভগবান শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ ভাগি প্ৰতিষ্ঠাকালীন পৰম্পৰা অব্যাহত ৰাখি সোমবাৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাৰ বৈষ্ণৱ পীঠ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ প্ৰাংগণত আৰম্ভ হৈছে ।

উত্তৰ অসমৰ প্ৰধান  বৈষ্ণৱী পীঠ  শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ উন্নয়ন সমিতিৰ উদ্যোগত আৰু উৎসৱ উপ সমিতিৰ সহযোগত অগণন  ভকত বৈষ্ণৱৰ উপস্থিতিত সোমবাৰে পুৱা প্ৰাতঃ প্ৰসংগ,আই নাম ,নাম প্ৰসংগৰে শুভাৰম্ভ কৰা হয় । বিয়লি ভাগৱত পাঠ অনুষ্ঠানত অগণন ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ।

সন্ধিয়া গ্ৰন্থ উন্মোচন আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শনৰ পাছত নিশা "মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ" শীৰ্ষক ভাওনা প্রদর্শন কৰা হ'ব বুলি উৎসৱ উপ সমিতিৰ সম্পাদক অভিজিৎ দেৱ গোস্বামীয়ে জানিবলৈ দিছে । দৌল উৎসৱৰ তিনিওটা দিনৰ কাৰ্যসূচীত ধৰ্ম প্ৰাণ ৰাইজ ,ভকত বৈষ্ণবৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উৎসৱ উপ সমিতিয়ে।

শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত তিনিদিনীয়া দৌল যাত্ৰা মহোৎসৱ
মৰ্মান্তিক ! মৃত্যুৰ পূৰ্বেই মাতৃক কৈছিল, "সময় কম, হত্যা কৰিব মোক"

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in