মৰ্মান্তিক ! মৃত্যুৰ পূৰ্বেই মাতৃক কৈছিল, "সময় কম, হত্যা কৰিব মোক"

মৃত্যুৰ পূৰ্বে মাতৃৰ সৈতে ফোনযোগে কথা হৈছিল যুৱকজনৰ

author-image
Asomiya Pratidin
New Update
মৰ্মান্তিক ! মৃত্যুৰ পূৰ্বেই মাতৃক কৈছিল, "সময় কম, হত্যা কৰিব মোক"

ডিজিটেল সংবাদ, লামডিঙঃ হৃদয় বিদাৰক।পুনৰবহি:ৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। এই ঘটনাই লামডিঙত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Advertisment

উত্তৰ প্ৰদেশৰ গৌড়খপুৰৰ ৰেলপথত লামডিং হাতীভঙা ক'লনিৰ নিৱাসী টুটন দে' নামৰ যুৱকজনৰ ৰহস্যজনকভাৱে টুকুৰা টুকুৰ অৱস্থাত উদ্ধাৰ মৃতদেহ। ঘটনা অনুসৰি ট্ৰেইনৰ এ চি ডবাত বে'ডৰোল যোগান ধৰা হিচাপে কৰ্মৰত লামডিংৰ যুৱক টোটন দে।

১ মাৰ্চৰ নিশা লামডিঙৰ পৰা ডিব্ৰুগড় আৰু ডিব্ৰুগড়ৰৰ পৰা ডিব্ৰুগড়-গৌড়খপুৰ হ'লি স্পেচিয়েল ৰেলেৰে যাত্ৰা আৰম্ভ কৰিছিলে যুৱকজনে ৷ যুৱকজনক ৰে'লৰ ভিতৰত হত্যা কৰি উত্তৰ প্ৰদেশৰ গৌড়খপুৰৰ ষ্টেচনৰ ৰেল লাইনত পেলাই দিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ।

উল্লেখ্য যে মৃত্যুৰ পূৰ্বেই মাতৃৰ সৈতে ফোন যোগে শেষবাৰলৈ কথা হৈছিল দুৰ্ভগীয়া যুৱকজনৰ। যুৱকজনে মাতৃক ফোনতে বৰ্ননা কৰিছিলি হত্যা কৰাৰ ষড়যন্ত্ৰৰ কথা। অৱশেষত যুৱকজনৰ মৃত্যুৰ সংবাদ পায় পৰিয়ালৰ লোকে।

শনিবাৰে নিশা যুৱকজনক হত্যা কৰিব বুলি নিজ মুখে পৰিয়ালক অৱগত কৰিছিল ৷ আনফালে একেখন ৰেলতে বেডৰোলৰ কামত নিয়োজিত হৈ আছে লামডিং আৰু দুজনকৈ যুৱক ৷ ডিব্ৰুগড়়ৰৰ বিমান নামৰ এজন ঠিকাদাৰ নেতৃত্বত কাম কৰিবলৈ গৈছিল দলটো ৷

এতিয়া যুৱকজনক হত্যা কৰা হ'ল নে আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ত্তত ৷ কাৰণ বৰ্তমানলৈকে মৃতদেহ চমজাই দিয়া নাই গৌড়খপুৰ আৰক্ষীয়ে।

এনে পৰিস্থতিত গৌড়খপুৰৰ পৰা যুৱকজনৰ মৃতদেহ লৈ অনাৰ অসম্ভৱ হৈ পৰিছে ভুক্তভোগী দুখীয়া পৰিয়ালটোৰ বাবে। বৰ্তমান ভুক্তভোগী পৰিয়ালবৰ্গই সহায় বিচাৰিছে লামডিং আৰক্ষী থানা, আৰ পি এফ আৰু জি আৰ পিৰ ।

Also Read: সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ...

indian railway RPF Assam police