/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/357981af-47b9-4747-ba96-379d6fd661e2/dolong.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ননৈ আৰু দক্ষিণপাট সংযোগী গড়কাপ্তানী পথৰ এখন বাঁহৰ দলঙে ৰাইজৰ মাজলৈ কঢ়িয়াই আনিছে অশনি সংকেত ৷ ননৈৰ চকৰীগাঁও গোঁসাইখাট অঞ্চলৰ এই বিপদ সংকুল বাঁহৰ দলঙখন ৷
উল্লেখ্য যে বিগত বৰ্ষৰ জেঠ মাহতে অহা ভয়াৱহ বলিয়া বানে বৃহত্তৰ অঞ্চলটো প্লাৱিত কৰিছিল ৷ বলিয়া বানৰ কোৱাল সোঁতে বঢ়মপুৰ আৰু নগাঁও সদৰ সমষ্টিৰ মাজৰ এই অংশটো উটুৱাই নিছিল ৷ ভাঙি পেলাইছিল পথটোত থকা বহু পুৰণিকলীয়া কালভাৰ্ট ৷
গড়কাপ্তানী পথৰ বহু অংশ বানপানীয়ে খহাই নিয়াৰ পাছত দুয়োপাৰৰ ৰাইজৰ মাজত সংযোগ বিচিন্ন হৈ পৰিছিল ৷ স্থানীয় ৰাইজৰ অভিযোগ, পৰৱৰ্তী সময়ত এখন অস্থায়ী বাঁহৰ দলং নিৰ্মান কৰি যাতায়তৰ ব্যৱস্থা কৰা হৈছে যদিও আজি এবছৰে কৰা নহ’ল স্থায়ী সমাধান ৷
এতিয়া ৰাইজৰ প্ৰতি পদে পদে মৃত্যুৰ আশংকা ৷ দুৰ্ঘটনাত পতিত হৈছে বহু পথাচাৰী ৷ জনপ্ৰতিনিধিয়েও নকৰে মন কাণ ৷ উপায়ন্তৰ হৈ ৰাইজে কৰিছে প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰীলৈকো জনাইছে কাতৰ আহ্বান ৷ দলংখনে সম্প্ৰতি উদঙাইছে উন্নয়নৰ নামত ৰাজ্য চৰকাৰৰ ফোপোলা স্বৰূপ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5a8870d1-64d0-4e03-91c6-1f222292b683/8d56c996_530b_44d7_b51c_08f87b510ff5.jpg)
Also Read: নগাঁৱত গৱেষক ড৹ নৰেন কলিতাৰ কৃতি বিষয়ক গ্ৰন্থ উন্মোচন