সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ বিশেষ সন্মান

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ বিশেষ সন্মান

ডিজিটেল ডেস্কঃ সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱালৈ 'দেৱদামোদৰীয় সম্প্ৰদায় গৌৰৱ সন্মান-২০২৩'। মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘই প্ৰদান কৰে এই সন্মান। দেওবাৰে কামৰূপ জিলাৰ বংশৰত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰদান কৰা হয় সন্মানটি।

বংশৰৰ গোপালথান চ'কত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকী উপস্থিত হোৱাৰ পাছতেই আৰম্ভ হয় সভাৰ মূল কাৰ্যসূচী। কাৰ্যসূচী অনুসৰি শ্ৰীমৎ দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় প্ৰতিনিধি ও বৰ্ধিত কাৰ্য্যনিবাহক সভা অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহক সভাতেই সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক ২০২৩ বৰ্ষৰ "দেৱদামোদৰীয় সম্প্ৰদায় গৌৰৱ সন্মান" প্ৰদান কৰা হয়।

অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য় অৱদানৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰে সংঘই। সভাতেই সম্পাদকগৰাকীক কেইবাটাও দল-সংগঠন তথা ব্যক্তি বিশেষে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে, এই সভাতেই বজালীৰ সঠীয়া সত্ৰৰ বৰ্ষীয়ান পূণ্যশ্লোক সত্ৰাধিকাৰ বিশিষ্ট বৈদিক পণ্ডিত শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীলৈ "দেৱদামোদৰীয় সম্প্ৰদায় গৌৰৱ সন্মান-২০২২" প্ৰদান কৰা হয়।

ইয়াৰ পাছতেই "গুৰু দৰ্শন" নামৰ সংঘৰ বাৰ্ষিক মুখপত্ৰৰ প্ৰথম সংখ্যা উন্মোচনী কাৰ্যসূচী অনুষ্ঠিত কৰে আয়োজকে। এই মুখপত্ৰখন উন্মোচন কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। সভাত সন্মান গ্ৰহণ কৰি তথা মুখপত্ৰখন উন্মোচন কৰি জয়ন্ত বৰুৱাদেৱে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে- অসম তথা অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে অনাগত সময়তো কাম কৰি যাবলৈ সাজু হেমকোষ পৰিয়াল।

উল্লেখ্য যে, এই সভাতেই বিশিষ্ট চিকিৎসক-ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডাঃ গুণাভিৰাম শৰ্মাক সত্ৰাধিকাৰ হৰেন্দ্ৰ নাৰায়ণ দেৱগোস্বামী স্মাৰক বঁটা প্ৰদান কৰা হয়।

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ বিশেষ সন্মান
বটদ্ৰৱাত প্ৰাক বিদ্যালয় শিক্ষক প্ৰশিক্ষণ শিবিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in