/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1dcf102a-40e3-4852-b8db-b74c214a4959/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম জাতীয় বিদ্যালয় শিক্ষা সাংসদৰ উদ্যোগত নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত দেওবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰাক বিদ্যালয় শিক্ষক প্ৰশিক্ষণ শিবিৰ আৰম্ভ হয়।এই প্ৰশিক্ষণ শিবিৰত নগাঁও জিলাৰ ৪০খন বিদ্যালয়ৰ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰে। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি তথা জাতীয় বিদ্যালয় বটদ্ৰৱাৰ অধ্যক্ষ দিলীপ বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/39e2d47b-2ddd-470b-bc54-1692e1c25108/b0ba1e1d_3478_4343_9768_a62d82bbc09b.jpg)
অসম জাতীয় বিদ্যালয়ৰ সংগীতেৰে শুভাৰম্ভ হোৱা প্ৰথম দিনৰ কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত আদৰণি অনুষ্ঠানত মৰিগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উপসভাপতি বিমান হাজৰিকা, নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উপসভাপতি ক্ৰমে সুনিল বৰা, ইনামূল হক, সাধাৰণ সম্পাদক ছফিকুল ইছলাম, প্ৰশিক্ষক ক্ৰমে জুৰি গোস্বামী, জুলি শইকীয়াকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত জাতীয় বিদ্যালয় বটদ্ৰৱাৰ হৈ উপাধ্যক্ষ গিৰিশ বৰুৱাই সকলোকে সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2534a284-07d0-429f-a409-ea17fba6becb/ffe59064_d9a4_4457_a6b6_19ba16c32dbd.jpg)
অনুষ্ঠানটিত নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উপসভাপতি সুনিল বৰাই আদৰণি ভাষণ প্ৰদান কৰি-"শিক্ষক প্ৰশিক্ষণ এক বহুমুখী বিষয় আৰু কাম, যিটো বিষয় আৰু কামৰ সৈতে সমাজৰ বৰ্তমান ভৱিষ্যত আৰু অতীতৰ সামগ্ৰীক সমৃদ্ধি আৰু বিকাশৰ গতি নিৰবিচ্ছিন্ন ভাবে হৈ থাকে। বিদ্যালয়ৰ পাঠদানৰ প্ৰক্ৰিয়াটো হৈছে এক গতিশীল পৰিৱৰ্তনমুখী আৰু সময়োপযোগী চিন্তা চৰ্চাৰ নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ed41f896-a143-4760-898a-cab435beb1fb/c6f591d0_d084_4600_ba23_32ec49cad867.jpg)
জ্ঞান বিজ্ঞানৰ চিৰন্তন সত্যসমূহ অপৰিৱৰ্তিত যদিও অহৰ্নিশ হৈ থকা মানুহৰ বৌদ্ধিক উৎকৰ্ষ আৰু সাধনাৰ নিত্য নতুন সুফলবোৰ শিক্ষাৰ্থীৰ ওচৰলৈ আগবঢ়াই নিবলৈ এনে ধৰণৰ শিক্ষক প্ৰশিক্ষণৰ অতি প্ৰয়োজনীয়। সেই বাবেই আমি এই আয়োজন কৰিছোঁ" বুলি কয়। উল্লেখ্য যে, সোমবাৰৰ বিয়লি ৪ বজাত অনুষ্ঠিত হ'বলগীয়া সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ কাৰ্যসূচীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মূল্যায়ন হ'ব আৰু শেষত তেওঁলোকক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব।
Also Read: ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা