কাজিৰঙা ভ্ৰমণ জ্ঞানপীঠ বঁটা বিজয়ী দামোদৰ ম’জৰ

কাজিৰঙা ভ্ৰমণ জ্ঞানপীঠ বঁটা বিজয়ী দামোদৰ ম’জৰ

author-image
asomiyapratidin
New Update
কাজিৰঙা ভ্ৰমণ জ্ঞানপীঠ বঁটা বিজয়ী দামোদৰ ম’জৰ

ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে উপস্থিত হয় জ্ঞানপীঠ বঁটা বিজয়ী দামোদৰ ম'জ। কাজিৰঙাত উপস্থিত হোৱাৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তেখেকত আদৰণি জনোৱাৰ লগতে বিভিন্ন উপহাৰো প্ৰদান কৰে। এখন বিশেষ ডকুমেন্টৰীও উপভোগ কৰে ম'জই।

ৰবিবাৰে নিশাই কাজিৰঙালৈ ৰাওনা হৈছিল জ্ঞানপীঠ বিজয়ী গৰাকী। তাতে নিশা কটাই আজি প্ৰকৃতিৰ আনন্দ ল'ব দামোদৰ মজে। তাৰপাছতেই ৰাওনা হ'ব গোৱালৈ।

উল্লেখ্য যে, ওজা হেমচন্দ্র বৰুৱাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৰবিবাৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্রেক্ষাগৃহত 'হেমচন্দ্র বৰুৱা ন্যাস'ৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান। এই অনুষ্ঠানতেই মুখ্য অতিথিৰূপে অংশগ্রহণ কৰিছিল দেশৰ প্রখ্যাত সাহিত্যিক তথা জ্ঞানপীঠ বঁটা বিজয়ী দামোদৰ ম'জে।

আৰু পঢ়ক; লক্ষণৰেখা

kaziranga assam