লক্ষণৰেখা

লক্ষণৰেখা

দেশৰ সাংবিধানিক গণতান্ত্রিক শাসন ব্যৱস্থাক উজ্জীৱিত কৰি ৰখাৰ ক্ষেত্ৰত ন্যায়পালিকাই এক অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। মাজে-সময়ে ন্যায়পালিকাই সক্রিয় ৰূপত নিজৰ দায়বদ্ধতা পালন কৰিবলৈ গৈ কাৰ্যপালিকা তথা চৰকাৰৰ সমালোচনাৰ সম্মুখীন হোৱাও দেখা যায়।

অৱশ্যে সেই সমালোচনা মৃদু হ'বলৈ বাধ্য, যিহেতু ন্যায়পালিকাৰ কাম-কাজত বাধা দিয়াৰ সাংবিধানিক এক্টিয়াৰ কাৰ্যপালিকাৰ নাই।। সেই দিশত সংবিধানৰ স্পষ্ট নীতি-নির্দেশনা আছে। মুঠতে দেশৰ জনসাধাৰণৰ বাবে আইনৰ শাসন উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত ন্যায়পালিকাই সাংবিধানিক দায়িত্ব পালন কৰিছে।

বিগত কিছু বছৰ ধৰি দেশৰ সর্বোচ্চ ন্যায়ালয়ে বিভিন্ন বিষয়ত সক্ৰিয় হৈ পৰা দেখা গৈছে। কিছুমানে ইয়াক ন্যায়পালিকাৰ অতি সক্ৰিয়তা বুলিও অভিহিত কৰিব পাৰে বা গণতান্ত্রিকভাৱে নির্বাচিত একো একোখন চৰকাৰৰ কাম-কাজত ন্যায়পালিকাই দখলদাৰী চলোৱা বুলিও ভুলকৈ পর্যবেক্ষণ কৰিব পাৰে, কিন্তু এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে ন্যায়পালিকাই কেতবোৰ বিষয়ত সঠিক সময়ত উচিত হস্তক্ষেপ কৰা বাবেই ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতবৰ্ষৰ দৰে এখন বিশাল তথা বৈচিত্র্যময় দেশত বহু সময়ত ন্যায়পালিকাই সংবিধানৰ নীতি-নিয়ম অনুসৰি কাৰ্যপালিকাক পৰিচালিত হ'বলৈ সকীয়নি দিবলগাও হৈছে। সংবিধানৰ মূল নীতি সন্দৰ্ভত সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে চৰকাৰক অৱগত কৰাৰ লগতে মাজে-সময়ে ভৎসৰ্নাও কৰিছে।

যোৱা সময়ছোৱাত উচ্চতম ন্যায়ালয়ত দাখিল হোৱা কেতবোৰ জনস্বার্থজড়িত আবেদনৰ শুনানি প্ৰক্ৰিয়াত ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে দেশত বৃদ্ধি পোৱা সাম্প্রদায়িক ঘৃণা বা দুর্নীতি-ভ্ৰষ্টাচাৰ আদিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। দুদিনমান আগতে সর্বোচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ ন্যায়াধীশে বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ড আৰু হিমাচল প্রদেশত 'ধর্ম সংসদ'ৰ নামত সাম্প্রদায়িক ঘৃণা বিয়পোৱা ভাষণ দিয়াসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ ৰাজ্য দুখনৰ মুখ্য সচিবক নির্দেশ জাৰি কৰি কৈছিল যে তেনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হ'লৈ ৰাজ্য প্রশাসন জগৰীয়া হ'ব।

ৰাজ্য দুখনৰ গৃহ সচিব আৰু আৰক্ষী প্ৰশাসনে ৰাজহুৱা মঞ্চত সাম্প্রদায়িক ঘৃণামূলক ভাষণ দিয়াসকলৰ বিৰুদ্ধে এই ব্যৱস্থা লোৱাটো বাধ্যতামূলক বুলি সর্বোচ্চ ন্যায়ালয়ে নির্দেশ জাৰি কৰিছিল। ইফালে যোৱা ২৬ এপ্রিলত সাম্প্রদায়িক হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্ত বিচাৰি সর্বোচ্চ ন্যায়ালয়ত দাখিল হোৱা এখন জনস্বার্থজড়িত আবেদন অগ্রাহ্যও কৰিছে খণ্ড বিচাৰপীঠে। ন্যায়িক তদন্ত ঘোষণা কৰাটো সাধাৰণতে সর্বোচ্চ ন্যায়ালয়ৰ কাম নহয়। কাৰ্যপালিকা তথা চৰকাৰে এনে তদন্তৰ কথা ঘোষণা কৰিব পাৰে।

উল্লেখ্য যে কিছুদিন আগতে ৰাম নৱমীৰ অনুষ্ঠানত ৰাজস্থান, দিল্লী, মধ্যপ্রদেশ আৰু গুজৰাটৰ কেতবোৰ অঞ্চলত সংঘটিত সাম্প্রদায়িক হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্ত বিচাৰি এজন আবেদনকাৰীয়ে সর্বোচ্চ ন্যায়ালয়ত পি আই এল দাখিল কৰিছিল। তাৎপর্যপূর্ণভাৱে সেই আবেদনৰ শুনানি লোৱা একেইখন য'ত বিচাৰপীঠে আকৌ দিল্লীৰ জাহাংগীৰপুৰীত সর্বোচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ নিৰ্দেশ জাৰি হোৱাৰ পিচতো প্রশাসনে উচ্ছেদ অভিযান অব্যাহত ৰখা বিষয়টোক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছিল।

শেহতীয়াভাবে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতিসকলৰ এক যৌথ অভিবর্তনত সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এম ডি ৰামানাই ৰাষ্ট্ৰৰ ক্ষমতাক লৈ এক তাৎপর্যপূর্ণ মন্তব্য কৰিছে। দেশৰ সংবিধানে ৰাষ্ট্ৰৰ মূল তিনিওটা অংগৰাপ বিধান মণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত বান্ধি দিয়া ক্ষমতাৰ বিভাজন তথা পৃথকীকৰণৰ ব্যৱস্থাক লৈ মুখ্য ন্যায়াধীশগৰাকীয়ে কৈছে যে প্রত্যেকেই নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত সেই ব্যৱস্থা মানি চলা উচিত।

চৰকাৰৰ নাম উল্লেখ নকৰাকৈয়ে মুখ্য ন্যায়াধীশ গৰাকীয়ে চৰকাৰক লক্ষ্মণৰেখা অতিক্রম নকৰিবলৈ একপ্ৰকাৰ সকীয়নি দিছে। মুখ্য ন্যায়াধীশগৰাকীয়ে সংবিধানৰ নীতি-নিয়ম মানি চলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ তিনিওটা অংগই নিজৰ নিজৰ ক্ষমতাৰ পৰিসৰৰ পৰা বাহিৰলৈ যোৱাটো উচিত নহয় বুলিও মন্তব্য কৰিছে। মুখ্য ন্যায়াধীশগৰাকীয়ে ভাষণ দি থকা সময়ত সেই মঞ্চতে দেশৰ প্ৰধানমন্ত্রীও উপস্থিত আছিল। ভাৰতৰ সাংবিধানিক গণতন্ত্রৰ এয়াই আচল ৰূপ।

আমাৰ দেশত শাসকপক্ষই সহজতে স্বৈৰতাৰ পথ ল'ব নোৱাৰে। পৃথিৱীৰ গণতন্ত্রৰ ইতিহাসত আমাৰ শাসন ব্যৱস্থাই এক অনুকৰণীয় অৱস্থালৈ গতি কৰি আজিৰ পৰ্যায় পাইছেহি। আমাৰ গণতন্ত্ৰত নিৰ্বাচনৰ জৰিয়তে বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও শাসকে বিৰোধীৰ মতামতক শ্রদ্ধা জনোৱাটো বাধ্যতামূলক।

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে সমগ্র দেশজুৰি সম্প্ৰতি অমৃত মহোৎসৱ'ৰ আয়োজন চলিছে। এই মহোৎসৱৰ জৰিয়তেই ভাৰতবাসীয়ে গণতন্ত্র, সমতা আৰু ঐক্যৰ বাণীৰে উদ্বুদ্ধ হৈছে। সংবিধানে আমাক যি ক্ষমতাৰ অধিকাৰ দিছে, তাক জীপাল কৰি ৰখাৰ ক্ষেত্ৰত দেশৰ ন্যায়পালিকাই স্বাভাৱিকতে এক নির্ণায়ক ভূমিকাত অৱতীৰ্ণ হৈছে। সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ বক্তব্যয়ো সেই কথাকে প্রতিপন্ন কৰিছে। মূল কথাটো হ'ল— আমি কোনোপধ্যে সংবিধানে বান্ধি দিয়া 'লক্ষ্মণৰেখা' অতিক্ৰম কৰিব নোৱাৰো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in