বিহপুৰীয়াত দুৰ্বৃত্তই যুৱকৰ পৰা লুটি নিলে ৩.৫ লাখ টকা

বিহপুৰীয়াত দুৰ্বৃত্তই যুৱকৰ পৰা লুটি নিলে ৩.৫ লাখ টকা

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়াত দুৰ্বৃত্তই যুৱকৰ পৰা লুটি নিলে ৩.৫ লাখ টকা

ডিজিটেল সংবাদ, বিহপুৰীয়া: বিহপুৰীয়াৰ সন্তপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। বাইকত অহা ২জনীয়া ডকাইতৰ দলে আক্ৰমণ কৰিলে উদবাদুল মুজাহিদুল নামৰ যুৱকজনক।

Advertisment

ডকাইতৰ দলটোৱে উদবাদুল মুজাহিদুলক আক্ৰমণ কৰি লুটি নিলে ৩ লাখ ৫০ হেজাৰ টকা। ডকাইতৰ আক্ৰমণত আহত উদবাদুল মুজাহিদুলক বঙালমৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰামতে, বিহপুৰীয়াৰ এক্সিচ বেংকত ধনখিনি জমা থবলৈ গৈছিল যুৱকজন। বেংকত ধন জমা কৰিব নোৱাৰি ঘূৰি আহি থাকোতেই মাজবাটত সংঘটিত হয় এই ডকাইতিৰ ঘটনা। এই চাঞ্চল্যকৰ ডকাইতিক লৈ ইতিমধ্যে আৰম্ভ হৈছে আৰক্ষীৰ তদন্ত।

Also Read: মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...

dacoity