আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ ডকাইত অৰূপ গগৈ...

শনিবাৰে নিশা যোৰহাটৰ এ টি ৰোডত ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল অৰূপ গগৈয়ে
আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ ডকাইত অৰূপ গগৈ...

ডিজিটেল ডেস্ক : শনিবাৰে নিশা যোৰহাটৰ এ টি ৰোডত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনা । এ টি ৰোডৰ মাৰোৱাৰীপট্টিত ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল দুই যুৱকে । গুলীচালনাৰ ফলত এজন লোক আহত হোৱাৰ পাছত যোৰহাট আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত উদ্ধাৰ হৈছিল এটি পিষ্টল । এই ঘটনাই সমগ্ৰ চহৰখনতেই চাঞ্চল্যৰ সৃষ্টি কৰাৰ ওপৰিও শংকিত কৰি তুলিছে ৰাইজক ।

শেহতীয়াকৈ ৰাজ্যখনত পিষ্টলধাৰী দুৰ্বৃত্তৰ সংখ্যা বৃদ্ধি পায় অহা ঘটনাই উদ্বেগ সৃষ্টি কৰাৰ পাছতেই ৰবিবাৰে দুপৰীয়া আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হয় ডকাইত অৰূপ গগৈ ।

বিগত নিশাৰ কাণ্ডৰ সৈতে জড়িত অৰূপ গগৈক তদন্তৰ খাতিৰত আমগুৰিলৈ লৈ গৈ থকা অৱস্থাতেই পলায়নৰ চেষ্টা চলাইছিল অৰূপ গগৈয়ে । যাৰ বাবে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় ডকাইতটোৰ ভৰিলৈ লক্ষ্য কৰি । তাৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় অৰূপ গগৈক ।

উল্লেখ্য যে, ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি প‍াইছে অনুমতিবিহীন আগ্নেয়াস্ত্ৰৰ সংখ্যা । এই আগ্নেয়াস্ত্ৰৰ চোৰাং বজাৰখন নিয়ন্ত্ৰণ কৰাত কিয় অসমৰ্থ আৰক্ষী-প্ৰশাসন ? বহি ৰাজ্যৰ পৰা আমদানি কৰি অনা আগ্নেয়াস্ত্ৰ সমূহ্ৰ বিক্ৰীত নাকী লগাবলৈ পাৰিব নে স্মাৰ্ট আৰক্ষীয়ে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in