৪৩ NCP বিধায়কক লগত লৈ মহাৰাষ্ট্ৰৰ বিজেপি সমৰ্থিত চৰকাৰত যোগদান অজিত পাৱাৰৰ

সলনি হ'ল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ দৃশ্যপট। উদ্ধৱ থাকৰেৰ দশা হ'ল এন চি পিৰ নেতা শাৰদ পাৱাৰৰ।

author-image
Asomiya Pratidin
New Update
৪৩ NCP বিধায়কক লগত লৈ মহাৰাষ্ট্ৰৰ বিজেপি সমৰ্থিত চৰকাৰত যোগদান অজিত পাৱাৰৰ

ডিজিটেল ডেস্কঃ সলনি হ'ল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ দৃশ্যপট। উদ্ধৱ থাকৰেৰ দশা হ'ল এন চি পিৰ নেতা শাৰদ পাৱাৰৰ। দেওবাৰে এন চি পিৰ নেতা অজিত পাৱাৰে ( শাৰদ পাৱাৰৰ ভতিজাক) ৪৩ গৰাকী বিধায়কৰ সমৰ্থন লৈ চামিল হ'ল সিন্দে গোটত।

Advertisment

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে এন চি পি নেতা অজিত পাৱাৰে। ইয়াৰ লগতে ৯ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিগত প্ৰায় দুটা বছৰত মহাৰাষ্ট্ৰৰ ৰাজনীতিত ঘটিল এই বৃহৎ সাল-সলনি।

ৰাজভৱনত হোৱা আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানক উপস্থিত থাকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ লগতে উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাবিজ। বিজেপিৰ এইগৰাকী নেতাৰ লগত একেলগেই অজিত পাৱাৰো ক্ষমতাত থাকিব।

ইয়াৰ পূৰ্বে শিৱসেনাৰ নেতা একনাথ সিন্দে একাংশ সমৰ্থকৰ সৈতে লগ লাগি সলনি কৰিছিল মহাৰাষ্ট্ৰৰ দৃশ্যপট। বিজেপিৰ সৈতে লগ লাগি শিৱসেনাৰ পৰা মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল একনাথ সিন্ধে। তাৰ প্ৰায় ১ বছৰ পাছতে পুনৰ প্ৰায় একেই ঘটনাৰাজীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহলত।

উল্লেখ্য যে, এন চি পিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত ৪৩ গৰাকীৰ সমৰ্থনে লাভ কৰিছে অজিত পাৱাৰে। ইয়াৰ ভিতৰত আছে NCPৰ কাৰ্যকৰী সভাপতি প্রফুল্ল পেটেল। সূত্ৰ অনুসৰি , বিৰোধীৰ সৈতে একলগ হোৱা শাৰদ পাৱাৰৰ একপক্ষীয় সিদ্ধান্তৰ বিৰোধী আছিল বিধায়কসকল।

মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰশেখৰ বাৱানকুলে কয় যে এনচিপিৰ অজিত পাৱাৰ আৰু তেওঁৰ সহযোগীসকলে প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিভংগীক সমৰ্থন কৰিছে। এই সমীকৰণে মহাৰাষ্ট্ৰক আগুৱাই নিব বুলি কয় নেতাগৰাকীয়ে।

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ঘটা এই পৰিৱৰ্তনে বিৰোধীসকলক যথেষ্ঠ পৰিমাণে দুৰ্বল কৰি পেলালে। ২০২৪ চনৰ পূৰ্বে বিৰোধী একলগ হ'বলৈ চেষ্টা চলাই গৈ আছে। কিন্তু তাৰ পূৰ্বেই মহাৰাষ্ট্ৰৰ শক্তিশালী বিৰোধীক তচনচ কৰি পেলালে একনাথ সিন্ধে। মহাৰাষ্ট্ৰত সলনি হোৱা ৰাজনৈতিক সমীকৰণ বিৰোধীৰ বাবে হ'ব পাৰে ডাঙৰ বিফলতা।

ajit pawar sharad pawar bjp