ঢকুৱাখনা উন্নয়ন খণ্ডত স্বয়ম্ভূ ৱাৰ্ড সদস্যৰ আঁচনিৰ নামত ধন সংগ্ৰহ

অবৈধ কমিচন সংগ্ৰহ অভিযান চলাই আহি হিতাধিকাৰীসকলক ব্যতিব্যস্ত কৰি আহিছে
ঢকুৱাখনা উন্নয়ন খণ্ডত স্বয়ম্ভূ ৱাৰ্ড সদস্যৰ আঁচনিৰ নামত ধন সংগ্ৰহ

ডিজিটেল সংবাদ, ঢকুৱাখনা : চৰকাৰী আঁচনিৰ প্ৰলোভনেৰে দুখীয়া দৰিদ্ৰ হিতাধিকাৰীক কেঁকোৰা চেঁপা দি অৰ্থ সংগ্ৰহৰ নিৰ্লজ বেহা  চলোৱাত শীর্ষ স্থান লাভ কৰিছে ঢকুৱাখনা উন্নয়ন খণ্ডই । খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তৰ অদক্ষ পৰিচালনাৰ বাবে বহু পঞ্চায়তত একাংশ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি  আৰু তেওঁলোকৰ আত্মীয়ই প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) আঁচনি প্ৰদানৰ নামত কমিচন সংগ্ৰহৰ এক অশুভ বেহা অব্যাহত ৰাখি আহিছে বুলি একাংশ ৰাইজৰ অভিযোগ।

শেহতীয়াকৈ উন্নয়ন খণ্ডটোৰ ধেনুখণা বাটমাৰী পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পুথিখাটি গাঁৱত এই নিৰ্লজ বেহা মেলাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। ৱাৰ্ডটোৰ ৱাৰ্ড সদস্য বিজু মণি দাসৰ স্বামী পৰশমনি দাসে এই অবৈধ কমিচন সংগ্ৰহ অভিযান চলাই আহি হিতাধিকাৰীসকলক ব্যতিব্যস্ত কৰি আহিছে।

একাংশ ভুক্তভোগী হিতাধিকাৰীয়ে জনোৱা মতে , নিজে স্বয়ম্ভূ ৱাৰ্ড সদস্য হৈ দাসে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি লাভ কৰা দৰিদ্ৰ হিতাধিকাৰী সকলৰ ঘৰে ঘৰে গৈ প্ৰথম কিস্তিৰ পুঁজি হিতাধিকাৰীৰ একাউন্টত সুমুৱাই দিয়াৰ বাবে  ইয়াৰ পৰা ১ হাজাৰ টকা আদায় দিয়াৰ দাবী জনায়। এই দাবী কৰা কমিচন আদায় নিদিলে পৰৱৰ্তী সময়ৰ দুটা কিস্তিৰ পুঁজি একাউন্টত সুমুৱাই নিদিয়াৰ হুমকি দি হিতাধিকাৰী সকলক ভয় ভীতি দেখুৱাই বৃহৎ পৰিমাণৰ ধন অবৈধভাৱে সংগ্ৰহ কৰিছে । 

ইয়াৰোপৰি হিতাধিকাৰীসকলৰ আঁচনি লাভৰ পূৰ্বে বিধিগতভাবে সম্পন্ন হোৱা চুক্তিকৰণৰ বেলিকা দলিল (ষ্টাম্প পেপাৰ) নিজে যোগান ধৰি ৫০ টকীয়া দলিলৰ বিপৰীতে সৰ্বাধিক ১ হাজাৰ ৫০০ টকাকৈ অতিৰিক্ত পুঁজি সৰকাই দৰিদ্ৰ হিতাধিকাৰী সকলক শোষণ কৰি অহা বুলি একাংশ ভুক্তভোগীয়ে অভিযোগ সংবাদ মাধ্যমৰ আগত দাঙি ধৰে।

ৱাৰ্ডটোৰ প্ৰতিটো প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ বিপৰীতে সৰ্বমুঠ ৩ হাজাৰ নগদ টকা আৰু দলিলত চুক্তি কৰাৰ নামত ১হাজাৰ ৫০০ টকা কৈ দাবী কৰি লুণ্ঠনৰাজ চলোৱা এইজন অৰ্থলোভী মধ্যভোগীৰ দুষ্কাৰ্য সন্দৰ্ভত উন্নয়ন খণ্ডটোৰ বিষয়া কৰ্মচাৰীসকলৰ জ্ঞাত হোৱাৰ পাছতো নিয়ন্ত্ৰণ কৰা অথবা এনে দৌৰাত্ম্যৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি জনায়।  এই সন্দৰ্ভত একাংশ ভুক্তভোগী হিতাধিকাৰীয়ে কমিচনভোগী দাসৰ অবৈধ লেনদেনৰ বহু প্ৰামানিক ,তথ্য  গোপন ভিডিঅ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে আৰু এই অবৈধ বেহা ৰোধৰ ক্ষেত্ৰত প্ৰশাসনৰ কঠোৰ হস্তক্ষেপ কামনা কৰে।

ঢকুৱাখনা উন্নয়ন খণ্ডত স্বয়ম্ভূ ৱাৰ্ড সদস্যৰ আঁচনিৰ নামত ধন সংগ্ৰহ
হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in