
ডিজিটেল সংবাদ,ধেমাজিঃ বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ কুৰিখন গাঁও একত্ৰিত হৈ কেইবাবছৰৰ মূৰে মূৰে উদযাপন কৰি আহিছে বাৰেচহৰীয়া সবাহ-বিষ্ণুযজ্ঞৰ । সম্পূৰ্ণ ৮টা বছৰৰ বিৰতিৰ পিছত এইবাৰো দুদিনীয়াকৈ অনুষ্ঠিত হয় সবাহ।
দেওবাৰে দ্বিতীয় দিনা উদযাপন স্থলীৰ পৰা উলিয়াই এক বিশাল শোভাযাত্ৰা। গায়ন-বায়ন,নাম প্ৰসংগ,দিহা নাম,আয়তীৰ উৰুলিৰে উত্তাল হৈ পৰে পৰিৱেশ। অনুষ্ঠান স্থলীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে কেইবাখনো গাঁৱত প্ৰায় ১০ কিলোমিটাৰ সমদল কৰে।
আনহাতে উক্ত অনুষ্ঠানটিতে অনুষ্ঠিত হয় ধৰ্মালোচনী সভা। বিশাল কাৰ্যসূচীৰ উপলক্ষত প্ৰকাশিত স্মৃতি গ্ৰন্থ 'বৈষ্ণৱ' উন্মোচন কৰা হয়। নিশাৰ ভাগত এখন 'কুৰুসন্ধ্যা' শীৰ্ষক এক ভাওনা প্ৰদৰ্শনী কৰে বুলি জানিবলৈ দিয়ে।