/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/50ca06dc-b6f6-44e9-bd6d-0c4cda05b2a0/bhaona.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ দেশৰ ভিতৰতে একক বৃহৎ সামাজিক,সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ অহা ৬,৭,৮ আৰু ৯ মাৰ্চত বিস্তৃত কাৰ্যসুচীৰে অনুষ্ঠিত হ'ব ৷শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত শনিবাৰে পুৱা এই বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন কৰে জামুগুৰিহাটৰ চামধৰা নিৱাসী শতায়ু গৰকা বিশিষ্ট সমাজকৰ্মী কমলা নাথে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5ae2c50e-6270-460b-806a-21d2c710b7d8/5332d1a5_4a56_42f1_81fa_4eededd35f25.jpg)
এই উদ্দেশ্যে আজি পুৱা ঐতিহ্যমণ্ডিত কালিয়দমন ক্ষেত্ৰ কোচগাওঁৰ পৰা কেইবা শতাধিক ৰাইজে গায়ন-বায়ন,হৰিনাম,আয়তীৰ উৰুলি,শংঙ্খ,ধ্বনিৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা কৰি পকামুৰা পথাৰলৈ লৈ আনে ধৰ্মধ্বজা ৷ ১৭৯৭ চনৰ পৰাই নিৰবিচ্ছিন্নভাৱে জামুগুৰিয়া ৰাইজে অনুষ্ঠিত কৰি অহা এই বাৰেচহৰীয়া ভাওনাই এইবেলি ২২৬ বছত ভৰি দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/94fe239b-669b-4c39-a399-96566a578fa9/52ef5337_ceaf_4a1c_bae5_4a630e905f49.jpg)
আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা ৭ আৰু ৮ মাৰ্চত ২১খন খলাত ৪২ খন ভাওনা অনুষ্ঠিত হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ভাওনাৰ শুভ উদ্ধোধন কৰিব ৷ ভাওনা মহোৎসৱৰ কাৰ্যসূচীত দেশৰ গৃহ মন্ত্ৰী অমৃত শ্বাহেও অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷
শুভ উদ্ধোধনী অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, চতিয়া সমষ্টিৰ বিধায়ক ভৰলী কোঁৱৰ তথা বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকাই অংশ গ্ৰহণ কৰে ৷
আৰু পঢ়কঃ প্ৰাক্তন পাকিস্তানী ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ দেহাৱসান