উৰিয়ামঘাটত বৰ্নাঢ্য কাৰ্যসূচীৰে বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ আৰম্ভণি...

উৰিয়ামঘাটত বৰ্নাঢ্য কাৰ্যসূচীৰে বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ আৰম্ভণি...
উৰিয়ামঘাটত বৰ্নাঢ্য কাৰ্যসূচীৰে বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ আৰম্ভণি...

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰাজহুৱা ভৱন খেলপথাৰৰ প্ৰাঙ্গনত বৰ্নাঢ্য কাৰ্যসূচীৰে বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। ২৮ আৰু ২৯ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অনুষ্ঠানটোৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নৰেন চুতীয়াই।

স্মৃতি তৰ্পন কাৰ্যসূচী সম্পাদন কৰে বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ কাৰ্যকৰী সভাপতি বিনন্দ বড়োচায়ে। ইয়াৰ পাছতে বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ মূল তোৰণ উন্মোচন কৰে সহকাৰী আয়ুক্ত সুতৃষ্ণা বৰদলৈয়ে আৰু অনুষ্ঠানটোৰ মঞ্চ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত সাংস্কৃতিক সঞ্চালক ধৰ্মেশ্বৰ দুৱৰাই।

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অতিৰিক্ত উপায়ুক্ত সুতৃষ্ণা বৰদলৈৰ সভাপতিত্বত "সম্প্ৰীতি" নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি সূৰ্য গগৈয়ে । উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানতে নৰেন চুতীয়াৰ অন্য এখনি গ্ৰন্থ "সীমান্তত এভূমুকি" উন্মোচন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানতো বহুকেইজন গন্যমান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছতে বৰ্ণিল সাস্কৃতিক সমাৰোহ-২০২৩ উৰিয়ামঘাট প্ৰথম খণ্ড উদ্বোধন কৰে স্থানীয় বিধায়ক বিশ্বজিত ফুকনে।

বিয়লী নৰেন চুতীয়াৰ সভাপতিত্বত সম্বৰ্ধনা সভা আৰু অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উদ্বোধন কৰে ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত ক্ষেত্ৰীয় আয়ুক্ত গ্ৰেড-১ ভৱিষ্যনিধি কয়লা মন্ত্ৰালয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন সীমান্ত দণ্ডাধিশ হৰেশ দত্ত,অতিথি হিচাপে উপস্থিত থাকে বড়ো কছাৰি কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰি, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক দিপেন কুমাৰ বৰা, তিতাবৰ মহকুমাৰ নিৰ্বাচনি বিষয়া অংকিতা দত্তকে আদি কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি।

প্ৰথম দিনা অনুষ্ঠিত হোৱা সাংস্কৃতিক কাৰ্যসূচীসমূহৰ ভিতৰত মিছিংৰ ঐনিতম, টাই শ্যামসকলৰ টাই নৃত্য, দিহানাম, বৰগীত আদি অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, ২৯ তাৰিখৰ সমাৰোহৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শ‌ইকীয়া,সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য‌ই মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰাৰ লগতে,বিশিষ্ট শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী ,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নেকিবুৰ জামানকে ধৰি বহুতো গন্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।

উৰিয়ামঘাটত বৰ্নাঢ্য কাৰ্যসূচীৰে বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ আৰম্ভণি...
কোকৰাঝাৰৰ উপায়ুক্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগঃ সামান্য কথাতে প্ৰহাৰ কৰিলে কৰ্মচাৰীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in