সামৰিক মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি স্বপন নাথক

সামৰিক মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি স্বপন নাথক

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ জন্মু -কাশ্মীৰৰ শ্ৰীনগৰত কৰ্মৰত চিআৰপিএফ জোৱান স্বপন নাথ গুলীবিদ্ধ হৈ ৰহস্যজনক মৃত্যুক সাৱটি লোৱাৰ পিছত শুকুৰবাৰে মৃতদেহ আনুষ্ঠানিকভাৱে পৰিয়ালক হস্তান্তৰ কৰে চিআৰপিএফ কৰ্তৃপক্ষই।

বৃহস্পতিবাৰে শ্ৰীনগৰৰ পৰা বিমানযোগে মৃতদেহ নতুন দিল্লীলৈ অনাৰ পিছত আজি নতুন দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ মৃতদেহ অনা হয়। ইয়াৰ পিছতে চিআৰপিএফ কৰ্তৃপক্ষই গুৱাহাটীৰ পৰা পথযোগে মৃতদেহ স্বগৃহলৈ লৈ আহে। কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাৰ স্বগৃহত মৃতদেহ আহি পোৱাৰ পিছতে চিআৰপিএফ আৰু আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সামৰিক মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে আনুষ্ঠানিকভাৱে পৰিয়ালক মৃতদেহ হস্তান্তৰ কৰে।

ইপিনে চিআৰপিএফ কৰ্তৃপক্ষই স্বপন নাথক সামৰিক মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই অজস্ৰ গুণমুগ্ধই স্বপন নাথক অন্তিম শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । সকলোৰে লগত ভাল সম্পৰ্ক বৰ্তাই ৰখা, সংস্কৃতিবান, নৃত্য-গীত ভালপোৱা স্বপন নাথৰ মৃত্যুত তেওঁৰ পৰিয়াল, আত্মীয়-স্বজন, গুণমুগ্ধ হতবাক হৈ পৰিছে ।

যোৱা ২৩ ফেব্ৰুৱাৰীত ঘৰৰ পৰা হাঁহি-মাতি কৰ্তব্যত যোগদান কৰিবই শ্ৰীনগৰলৈ যোৱা স্বপন নাথৰ ৰহস্যজনক মৃত্যু কোনেও সহজভাৱে মানি লোৱা নাই । মৃত্যুৰ দুই -এদিন পূৰ্বেও বহুতৰে সতে যোগাযোগ ৰখা স্বপন নাথৰ মৃত্যু কিদৰে সংঘটিত হ'ল সেয়া তদন্ত কৰিবলৈ পৰিয়ালৰ লোকে দাবী জনাইছে ।

আনহাতে যদিহে স্বপন নাথ আত্মহত্যা কৰিছে তেনেহলে কি কাৰণত, কাৰ প্ৰৰোচনাত বা কাৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যা কৰিছে সেয়া তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে পৰিয়ালবৰ্গই । ইপিনে স্বপন নাথৰ বিধবা পত্নী কনকলতা নাথে তেওঁৰ স্বামীৰ মৃত্যুৰ আঁৰত চিআৰপিএফৰ এগৰাকী বিষয়াৰ নাম উল্লেখ কৰিছে। ইপিনে মৃত্যুৰ পূৰ্বে স্বপন নাথেও তেওঁৰ ভিনীদেউলৈ প্ৰেৰণ কৰা এক মবাইল মেচেজত এগৰাকী চিআৰপিএফৰ বিষয়াৰ নাম উল্লেখ কৰি তেওঁক এৰি নিদিবলৈ অৰ্থাৎ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ অনুৰোধ জনাইছিল ।আনহাতে চিআৰপিএফৰ এগৰাকী বিষয়াই স্বপন নাথৰ মৃত্যুৰ সকলো বিষয় চালি জাৰি চোৱা হ'ব আৰু মৃত্যুৰ আঁৰৰ কাৰণ আৰক্ষীয়ে তদন্ত কৰিব বুলি মন্তব্য কৰিছে ।

স্বপন নাথৰ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ , আছুৰ উপ সভাপতি নৱজ্যোতি ৰায় , অগপৰ জিলা সম্পাদক চিৰাজ নাথ , নাথ যোগী সন্মিলনীৰ প্ৰাক্তন জিলা সম্পাদক প্ৰমোদ চন্দ্ৰ নাথ আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।

প্ৰণিধানযোগ্য যে সামৰিক মৰ্যদাৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত আজি বিয়লি ভূটীয়াপাৰা শ্মশানত অজস্ৰ গুণমুগ্ধৰ উপস্থিতত স্বপন নাথৰ শেষকৃৰ্ত্য সম্পন্ন কৰা হয়। মৃত্যুৰ পূৰ্বে স্বপন নাথে ইহজগতত মাতৃ, কনিষ্ট ভাতৃ, পত্নী আৰু এগৰাকী ৬বছৰীয়া কন্যা সন্তান এৰি থৈ গৈছে ।

সামৰিক মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি স্বপন নাথক
নৰেন্দ্ৰ মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in