গোগামুখৰ পৰা আহি গন্ধিয়াত ড্ৰাগছ লোৱা দুই যুৱকক আটক...

গোগামুখৰ পৰা আহি গন্ধিয়াত ড্ৰাগছ লোৱা দুই যুৱকক আটক...
গোগামুখৰ পৰা আহি গন্ধিয়াত ড্ৰাগছ লোৱা দুই যুৱকক আটক...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ গ্ৰামাঞ্চল নগৰাঞ্চল ক্ৰমাৎ ড্ৰাগছ সৰবৰাহকাৰী আৰু আসক্তৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে। সোমবাৰে পুৱা সুদূৰ গোগামুখৰ পৰা ঢকুৱাখনাৰ গন্ধিয়ালৈ আহি এনে মাৰাত্মক ড্ৰাগছ সেৱন কৰি থকা দুই যুৱকক ৰাইজৰ সহযোগত গন্ধিয়া গাঁওৰক্ষী বাহিনীয়ে আটক কৰি ঘিলামৰা আৰক্ষী থানাত চমজাই দিয়া ঘটনাই ইয়াকে প্ৰতিপন্ন কৰিছে ।

জানিব পৰা মতে গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত অনিল মিলি (২৯) আৰু মৃণাল পেগু(২৫)ৱে এ এছ ০১ ডি ভি ৯৫৭৭ নম্বৰৰ এখন য়ামাহা এফ জেদ বাইকেৰে গোগামুখৰ চোমণি পাৰঘাটৰ পৰা আহি ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বাপৰাম গড়কাপ্তানী পথৰ গন্ধিয়া তিনিআলিত সোমবাৰে পুৱা প্ৰায় ৮ বজাত চিৰিঞ্জৰ জৰিয়তে ড্ৰাগছ লৈ থকা স্থানীয় এজন যুৱকে প্ৰত্যক্ষ কৰে ।

এই সন্দৰ্ভত গন্ধিয়া গাঁওৰক্ষী বাহিনীৰ নায়ক টিলেশ্বৰ শইকীয়াক যুৱকজনে অৱগত কৰাৰ পৰৱৰ্তী সময়ত শইকীয়া গৈ দুয়োজনে ড্ৰাগছ লৈ থকাতো নিশ্চিত হয়। পাছত ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে দুয়োজন যুৱকক বাইকসহ আটক কৰি ৰাখি ঘিলামৰা থানাত অৱগত কৰাৰ পাছত ঘিলামৰা আৰক্ষীয়ে গৈ বাইকসহ দুয়োজন ড্ৰাগছ আসক্ত যুৱকক থানালৈ আনে ।

আৰক্ষী আৰু ৰাইজৰ জেৰাত ধৃত যুৱক দুয়োজনে ড্ৰাগছ লোৱাটো স্বীকাৰ কৰিছে আৰু যুৱক দুজনৰ পৰা কেইবাটাও চিৰিঞ্জ আৰু "কন্টেইনাৰ" উদ্ধাৰ কৰিছে । ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ জালত পৰা দুই ড্ৰাগছ আসক্তই লগত অনা অন্য ড্ৰাগছৰ কণ্টেইনাৰ দলিয়াই দিয়াৰো আশংকা কৰিছে ।

আৰক্ষীৰ চৰজমিন তদন্তৰ পাছতহে ইয়াৰ সুদুত্তৰ লাভ কৰা যাব। উল্লেখ্য যে, শনিবাৰে দুপৰীয়া ঘিলামৰাৰ এজন বিশেষ যুৱকে বৰদলনিৰ সমীপৰ পৰা এনে মাৰাত্মক ড্ৰাগছ লৈ মুকলি ভাবেই বিশেষ বাইকেৰে ঘিলামৰাত উপস্থিত হোৱাৰ তথ্য উপলব্ধ হৈছিল ।

এনেদৰে নিষিদ্ধ ড্ৰাগছ ক্রেতা বিক্রেতাৰ ভূস্বৰ্গ হৈ পৰা ঢকুৱাখনা, ঘিলামৰাত আৰক্ষীৰ অধিক সক্ৰিয়তাইহে এই নিষিদ্ধ বেহা স্তিমিত কৰিব পাৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in