/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d221f8ba-2a00-4a9e-9d6f-41336bc5275b/hotel_25.jpg)
হোটেল ৰাজহংসত তাজনিমা খাতুনক কোনে কৰিলে হত্যা !
ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। এইবাৰ স্থান গুৱাহাটীৰ ফাঁচী বজাৰৰ এখন হোটেল।
গণৰাজ্য দিৱসক কেন্দ্ৰ কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰপ পিছতো ফাঁচীবজাৰৰ হোটেল ৰাজহংসত এগৰাকী মহিলাক হত্যা কৰা হৈছে। জানিব পৰা মতে ১৪ জানুৱাৰীত হোটেল ৰাজহংসত এটা কোঠা ভাৰালৈ লৈছিল এহাল দম্পতীয়ে।
হোটেলখনৰ ২০৬ নং কোঠাত আছিল তেওঁলোক। কিন্তু মঙ্গলবাৰৰ পৰা বন্ধ হৈ আছিল হোটেলখনৰ সেই বিশেষ কোঠাতো। ফলত হোটেল কৰ্তৃপক্ষৰ সন্দেহ হোৱাত মাষ্টাৰ ছাবিৰে কোঠাৰ দুৱাৰ খোলাৰ পিছতে এই হত্যাকাণ্ডৰ কথা পোহৰলৈ আহে।
হত্যাকাণ্ডৰ বলি হোৱা মৃতদেহটো তাজনিমা খাতুন নামৰ এগৰাকী মহিলাৰ বুলি চিনাক্ত কৰা হৈছে। ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে হোটেলখনত উপস্থিত হয়গৈ আৰক্ষীয়ে।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তন্দন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তত প্ৰকাশিত খবৰ অনুসৰি হত্যাৰ বলি হোৱা তাজনিমা খাতুন দৰাচলতে নাছিল হোটেল কৰ্তৃপক্ষক তাজনিমাৰ স্বামী হিচাপে পৰিচয় দিয়া ব্যক্তিজন প্ৰকৃত স্বামী।
যিগৰাকী ব্যক্তিয়ে তাজনিমাক তেওঁৰ পত্নী বুলি চিনাকী দিছিল সেই ব্যক্তিজনৰ প্ৰকৃত পত্নী আছে গোৱালপাৰাৰ বড়ো পাহাৰত। প্ৰকৃত পত্নীগৰাকীৰ নাম আছমা বেগম । ইফালে আৰক্ষীয়ে এই পৰ্যন্ত তাজনিমা খাতুনৰ কোনো ঠিকনা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
ইফালে হত্যাকাৰীয়ে তাজনিমা খাতুনক কিদৰে হত্যা কৰিলে তাৰ তথ্যও প্ৰকাশ পাইছে। জানিব পৰা মতে অতি পৰিকল্পিত ভাৱে এই হত্যাকাণ্ড সংঘটিত কৰিলে হত্যাকাৰীয়ে।
তাজনিমাৰ মুখত এখন চাদৰৰ এটা মূৰ ভৰাই দিছিল হত্যাকাৰীয়ে। চাদৰখনৰ আনটো মুৰেৰে মুখ মণ্ডল মেৰিয়াই ৰখা আছিল। ডিঙিত আছিল কিবা বস্তুৰে চেপি ধৰাৰ দাগ।
ডিঙি চেপি হত্যা কৰাৰ পূৰ্বে যাতে চিঞঁৰিব নোৱাৰে তাৰ বাবে হত্যাকাৰীয়ে তাজনিমাৰ মুখত কাপোৰ ভৰাই দিয়া বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ইফালে হোটেলৰ কোঠাত নাই নিহত তাজনিমাৰ কোনো সামগ্ৰী। উদ্ধাৰ হৈছে মাত্ৰ এজোৰ চেণ্ডেল।
Also Read: DIG কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট পদকঃ ১৪ গৰাকীলৈ আৰক্ষী পদক...