ড০ হীৰেন গোহাঁইৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অশোভনীয় মন্তব্যক ধিক্কাৰ চি পি আই (এম এল)ৰ...

ড০ হীৰেন গোহাঁইৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অশোভনীয় মন্তব্যক ধিক্কাৰ চি পি আই (এম এল)ৰ...
ড০ হীৰেন গোহাঁইৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অশোভনীয় মন্তব্যক ধিক্কাৰ চি পি আই (এম এল)ৰ...

ডিজিটেল ডেস্কঃ চি পি আই (এম এল) ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে এক বিবৃতিত কা বিৰোধী সমন্বয় সমিতিৰ সভাপতি তথা অসমৰ স্বাৰ্থৰ হকে নিৰন্তৰ মাত মতা এগৰাকী আপোচবিহীন পণ্ডিত ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা উপলুঙাসূচক আৰু অভদ্ৰজনোচিত মন্তব্যৰ ধিক্কাৰ জনাইছে। কা আইন কাৰ্যকৰী কৰিব বুলি খবৰ ওলোৱাৰ পাছত কা আন্দোলন পুনৰ আৰম্ভ হ'ব বুলি ড০ গোহায়ে মন্তব্য কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে টুলুঙা মন্তব্য কৰে।

উল্লেখযোগ্য যে কা আইন গৃহীত হোৱাৰ পাছতো কাৰ্যকৰী হোৱা নাছিল আৰু বিধি প্ৰস্তুত হোৱা নাছিল। কিন্ত শেহতীয়াকৈ চৰকাৰে বিধি প্ৰস্তুত কৰিব বুলি ঘোষণা কৰাৰ লগতে হিন্দু বিদেশীৰ সময় সীমা ২০১৯ লৈ প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ কৰিছে বুলিও উল্লেখ কৰে।

এই ঘোষণাৰ পাছত স্বাভাবিক ভাবেই অসমপ্ৰেমী ধৰ্মনিৰপেক্ষ লোকৰ মাজত ক্ষোভৰ উদ্ৰেক হৈছে আৰু সকলোৱে নিজৰ নিজৰ ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ড০ গোহাইৰ মন্তব্যও এই ঘোষণাৰ প্ৰতিক্ৰিয়াই আছিল।

বিবেক দাসে কয় যে, কা সম্পৰ্কত ড০ গোহায়ে কৰা মন্তব্য সমগ্ৰ অসমৰ গণতন্ত্ৰপ্ৰেমী আৰু জাতিপ্ৰেমীৰ মন্তব্য আৰু কা আইনৰ বিৰুদ্ধে সমাগত লোকসভা নিৰ্বাচনতে অসমৰ ৰাইজে হিমন্ত চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিব। আচলতে কা আন্দোলনৰ দুঃস্বপ্নই মুখ্যমন্ত্ৰীক খেদি ফুৰিছে আৰু ব্যৰ্থতাত হতাশাগ্ৰস্ত হৈ পৰা মুখ্যমন্ত্ৰীগৰাকী শংকিত হৈ পৰিকল্পিত ভাবেই কা আন্দোলনৰ প্ৰতীকস্বৰূপ ড০ হীৰেন গোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

বিবৃতিত কয় যে যেতিয়া তথাকথিত কিছু লোক প্ৰত্যক্ষ বা পৰোক্ষভাবে জাতিৰ প্ৰশ্নত আপোচ কৰি আত্মসমর্পণ কৰিছে সেই সময়ত গোহাঁই চাৰৰ প্ৰতিবাদী কণ্ঠ আৰু অধিক নিনাদিত হৈছে। গোহাঁই চাৰৰ প্ৰতি কৰা মুখ্যমন্ত্রীৰ উপলুঙা সুচক মন্তব্যই আচলতে অসমৰ সকলো সংগ্ৰামী জনতাকে উপলুঙা কৰিছে।

ড০ হীৰেন গোহাঁইৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অশোভনীয় মন্তব্যক ধিক্কাৰ চি পি আই (এম এল)ৰ...
দেশৰ দীৰ্ঘতম সাগৰীয় সেতু উদ্বোধনঃ আইফেল টাৱাৰতকৈ ১৭ গুণ অধিক লোৰ ব্যৱহাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in