ঢকুৱাখনাত বাওঁপন্থী সাংসদ ধীৰেন কছাৰীৰ নিৰ্বাচনী প্ৰচাৰ

ঢকুৱাখনাত বাওঁপন্থী সাংসদ  ধীৰেন কছাৰীৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা:  কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শাসনৰ গাদীত বহি থকা শাসক দল বিজেপিৰ তথাকথিত উন্নয়ন আৰু পৰিৱৰ্তনৰ অমৃত কালত নাগৰিক ,কৃষক শ্ৰমিক ৰাইজে দিনতে অন্ধকাৰ দেখিছে । চৰকাৰী আঁচনিৰ নামত নিকৃষ্ট ৰাজনীতি কৰা ,মহিলা সৱলীকৰনৰ নামত হিতাধিকাৰী সৃষ্টি কৰা আদি দেধাৰ অপ-শাসনৰ পৰা মুক্তি বিচাৰি এইবাৰ ৰাইজে বিজেপি দল আৰু প্ৰাৰ্থীক প্ৰত্যাখ্যান কৰিবলৈ সষ্টম হৈছে - বাওঁ পন্থী ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী ধীৰেন কছাৰীৰ বক্তব্য এয়া ।

  বৃহস্পতিবাৰে বাওঁ দল চি পি এমৰ প্ৰাৰ্থী কছাৰীয়ে ঢকুৱাখনা বিধানসভা সমষ্টিৰ সোনাৰী চাপৰি সদৰত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি এই মন্তব্য কৰে । ভাৰতীয় কমিউনিষ্ট দলৰ গৰিষ্ঠ সংখ্যক সতীৰ্থৰ সহযোগিতাত অনুষ্ঠিত প্ৰচাৰ সভাত প্ৰাৰ্থী কছাৰীযে কৃষক শ্ৰমিকৰ সুৰক্ষাৰ বাবে , মেহনতি জনতাৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ,বিজেপি চৰকাৰ প্ৰবৰ্তিত কৃষক বিৰোধী মাৰাত্মক আইন  সংসদীয় ৰাজনীতিৰে বিৰুদ্ধাচৰণ কৰাৰ বাবে সমাগত নিৰ্বাচনত মাৰবান্ধি ৰাইজ ওলাই আহি নিজৰ ভোটাধিকাৰ চি পি আইৰ প্ৰাৰ্থীৰ হকে সাব্যস্ত কৰাৰ আহ্বান জনায় ।

ঢকুৱাখনা বিধান সভা সমষ্টিৰ সোনাৰী চাপৰি চাৰিআলিত অনুষ্ঠিত কৰা প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰি প্ৰাৰ্থী গৰাকীযে কয় বিজেপি , কংগ্ৰেছৰ প্ৰাৰ্থী সকল শক্তিশালী কেৱল ধনবলৰ বাবে । কিন্তু মই শক্তিশালী ৰাইজৰ  নৈতিক সমৰ্থনেৰে ।  বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ,কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ বৰুৱাৰ লগত অগাধ টকা পইচা আছে ।মোৰ লগত জনসাধাৰণ আছে । জনতাৰ ওপৰত  ৰজাঘৰে চলোৱা শোষণ নিষ্পেষণৰ বিৰুদ্ধে মাত মাতিব পৰা এটাই ৰাজনৈতিক দল আছে সেইটোৱেই হৈছে ভাৰতীয় কমিউনিষ্ট পাৰ্টি । ৰাইজে বিচাৰ কৰিব শোষক শ্ৰেণীক ভোট দিব নে শোষিতৰ বিৰুদ্ধে সবল মাত মাতিব পৰা প্ৰাৰ্থীক ভোট দি জয়ী কৰাব । 

প্ৰাৰ্থী গৰাকীয়ে ভাষণ প্ৰসংগত এইবাৰ গেৰুৱা দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই নিজৰ ভোট বাওঁদলৰ প্ৰাৰ্থী কছাৰীকেই প্ৰদান  কৰিব বুলি কয় । যিহেতু গেৰুৱা দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ পিতৃ এজন কৃষক আৰু মই কৃষকৰ সুৰক্ষাৰ বাবে যুঁজিবলৈ ওলাই অহা প্ৰাৰ্থী সেয়ে শ্ৰেণীৰ দিশলৈ লক্ষ্য কৰি প্ৰদান বৰুৱাই তেওঁকেই সমাগত নিৰ্বাচনত ভোট প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে । সভাত বহু কেইগৰাকী দলীয় নেতৃত্বই বক্তব্য ৰাখি পুঁজিপতি শ্ৰেণীৰ ৰক্ষক , কৃষক শ্ৰমিক খাটি খোৱা শ্ৰেণীৰ শত্ৰু গেৰুৱা দল আৰু প্ৰাৰ্থী গৰাকীক প্ৰত্যাখ্যান কৰি বাওঁ দলৰ নিকা আৰু বলিষ্ঠ কণ্ঠৰ প্ৰাৰ্থী গৰাকীক ধান কাঁচিৰ প্ৰতীক চিহ্নত ভোট দি জয়ী কৰাৰ আহ্বান জনায় ।

উল্লেখ্য যে ১২ নং লখিমপুৰ লোক সভা সমষ্টিত শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । সমাগত লোকসভা নিৰ্বাচনত সাধাৰণ ভোটাৰ সকলক আকৰ্ষিত কৰাৰ নিত্য নতুন কৌশল আৰু চাতুৰ্য্যপূৰ্ণ প্ৰচাৰ চলোৱাত ৰাজনৈতিক দল সমূহ ব্যস্ত থকা পৰিলক্ষিত হৈছে ।

ঢকুৱাখনাত বাওঁপন্থী সাংসদ  ধীৰেন কছাৰীৰ নিৰ্বাচনী প্ৰচাৰ
চাকৰিত মহিলাৰ ৫০% সংৰক্ষণৰ পৰা শ্ৰমিকৰ বেতন বৃদ্ধিলৈঃ কি কি আছে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in