এশ গৰু মাৰিলে বাঘৰো মৰণঃ ৰাইজৰ ৰোষত গৰু চোৰ...

জাগীৰোডৰ মনহাত ৰাইজৰ হাতত ধৰা পৰিল গৰু চোৰ। অঞ্চলটোত দীৰ্ঘদিন ধৰি সংঘটিত হৈ আহিছে চুৰিকাণ্ড

author-image
Asomiya Pratidin
New Update
এশ গৰু মাৰিলে বাঘৰো মৰণঃ ৰাইজৰ ৰোষত গৰু চোৰ...

ডিজিটেল সংবাদ, মায়ংঃ জাগীৰোডৰ মনহাত ৰাইজৰ হাতত ধৰা পৰিল গৰু চোৰ। অঞ্চলটোত দীৰ্ঘদিন ধৰি সংঘটিত হৈ আহিছে চুৰিকাণ্ড। যি চুৰি কাণ্ডৰ আঁৰত আছিল ৰাইজে আটক কৰা চোৰ দুজন।

Advertisment

উক্ত গাঁৱৰে চোৰকেইটা হ'ল ক্ৰমে প্ৰহ্লাদ ডেকা আৰু বিশাল ডেকা ওৰফে গাঁওবুঢ়া। গাঁৱৰে প্ৰভাত মেধি নামৰ এঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰে চোৰকেইটা। ৰাইজৰ জেৰাত চোৰদ্বয়েই স্বীকাৰ কৰিছে যে, গাঁওখনত সংঘটিত হোৱা প্ৰায়বোৰ চুৰিকাৰ্য তেওঁলোক দুজনেই মিলি সংঘটিত কৰি আহিছে।

আনহাতে পূৰ্বেও চুৰি কৰি ৰাইজৰ ওচৰত ধৰা পৰিছিল বিশাল নামৰ চোৰটো। উল্লেখ্য মনহা গাঁৱৰ প্ৰভাত মেধিৰ গৰু চুৰি কৰি নিয়াৰ সময়ত ভকত গাঁও চাৰিআলিত নিশা পহৰাৰ দায়িত্বত জাগীৰোড থানাৰ আৰক্ষীৰ লোক আছিল যদিও আৰক্ষীয়ে গাড়ীখন নধৰি এৰি দিছে বুলি চোৰ প্ৰহ্লাদ ডেকাই ৰাইজৰ জেৰাত জানিবলৈ দিয়ে।

চোৰ বিশাল ওৰফে গাঁওবুঢ়াক ইয়াৰ আগতেও চুৰি কাৰ্যত লিপ্ত হোৱাৰ অপৰাধত গাঁৱৰ ৰাইজে আটক কৰি আৰক্ষীক গতাই দিছিল যদিও পিছ দিনাই বিশালক এৰি দিয়ে বুলিও ক্ষোভ স্থনীয় ৰাইজৰ। মনহা অঞ্চলৰ পৰা যোৱা ৬ মাহত ১০ টা পৰিয়ালৰ গৰু চুৰি কৰিছিল এই দুই গৰু চোৰে। তাৰোপৰি গাড়ীৰ পৰা বেটাৰী পৰ্যন্ত খুলি নি বিক্ৰী কৰাৰ অভিযোগ আছে বিশাল আৰু প্ৰহ্লাদৰ বিৰুদ্ধে।

এশ গৰু মাৰিলে বাঘৰ মৰণ হোৱাৰ দৰেই এইবাৰ প্ৰহ্লাদ ডেকা ৰাইজৰ হাতত ধৰা পৰে। নিশাৰ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিব বিচৰা চোৰদ্বয়ক ৰাইজে আটক কৰি জাগীৰোড থানাৰ আৰক্ষীক গতাই দিয়ে। ইঘৰৰ পিছত সিঘৰত চুৰি কৰি একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল প্ৰহ্লাদ আৰু বিশালে।

আৰক্ষীৰ জেৰাত আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। বুৰাবুৰীৰ দুজন গৰু ব্যৱসায়িৰ সতে লগলাগি দীৰ্ঘদিন ধৰি বিশাল প্ৰহ্লাদে সমগ্ৰ অঞ্চলটোত গৰু চুৰি কৰি বহু দৰিদ্ৰ পৰিয়ালক বিপদত পেলাইছে বুলি স্থানীয় ৰাইজে অৱগত কৰি উচিত শাস্তিৰ দাবী জনাইছে।

Also Read: ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান...

Assam police