/asomiyapratidin/media/media_files/2025/03/11/m4VlTA3U60eaMOYKTqFi.jpg)
কোনে চলাইছে গৰুৰ ছিণ্ডিকেট?
ডিজিটেল সংবাদ, জামুগুৰিহাট: উজনিৰ পৰা বাংলাদেশলৈ চলি থকা গৰুৰ ছিণ্ডিকেট সন্দৰ্ভত তদন্তৰ দাবী জনাইছে উত্তৰ পূৰ্ব্বাঞ্চল সংখ্যালঘু ছাত্ৰসন্থা (নেমছু'ই)। উজনি অসমৰ পৰা কলিয়াবৰ-নগাঁও-মৰিগাঁও হৈ নীতি বহিৰ্ভূতভাৱে এই গৰুৰ ছিণ্ডিকেট চলি থকাৰ অভিযোগ সংগঠনটোৰ। প্ৰতিদিনাই উজনিৰ পৰা শ শ গৰুভৰ্তি ট্ৰাক যায় খানাপাৰালৈ। মেঘালয়ৰ খানাপাৰাত প্ৰতি নিশাই জমা কৰে হাজাৰ হাজাৰ গৰু। পিছলৈ এই গৰুসমুহক বাংলাদেশলৈ পঠিয়াই দিয়া হয়। এই গৰুৰ অবৈধ ছিণ্ডিকেট চলোৱা সকলে নামানে কোনো চৰকাৰী নীতি নিয়ম। ডাঙৰ ডাঙৰ একোখনকৈ ট্ৰাকত ৩০-৪০টা গৰু ভৰ্তি কৰি সেই গৰুসমূহ নিয়া হয় গুৱাহাটীৰ খানাপাৰালৈ। যাৰ ফলত বহু গৰু আঘাটপ্ৰাপ্ত হৈ মৃত্যু হয় বুলি জানিবলৈ দিয়ে সংগঠনটোৱে । কাৰ ছত্রছায়াত গৰু মাফিয়া সকলে নিতৌ কলিয়াবৰ- নগাঁও-মৰিগাঁও হৈ বাংলাদেশলৈ গৰু ৰপ্তানি চলিছে -এইক্ষেত্ৰত এক উচিৎ তদন্ত কৰিবলৈ অসম চৰকাৰক নেমছু'ৰ তৰফৰ পৰা দাবী জনাইছে ৷ যদি চৰকাৰ-প্ৰশাসনে এই গৰুৰ ছিণ্ডিকেট বন্ধ নকৰে তেন্তে নেমছুৱৱে তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে।