ভাৰত-বাংলাদেশ সীমান্তত ৯ টা চোৰাং গৰু জব্দ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত বাংলাদেশ সীমান্তত বুধবাৰে নিশা আৰক্ষী আৰু বি এছ এফে দুটা পৃথক অভিযান ৯ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।
ভাৰত-বাংলাদেশ সীমান্তত ৯ টা চোৰাং গৰু জব্দ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত বাংলাদেশ সীমান্তত বুধবাৰে নিশা আৰক্ষী আৰু বি এছ এফে দুটা পৃথক অভিযান ৯ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে মানকাচৰ থানাৰ আৰক্ষীয়ে নিশা প্ৰায় ১ বজাত সীমান্তবৰ্তী কুকুৰমাৰাত অভিযান চলায়। তেনে সময়ত গৰু চোৰাং সৰবৰাহকাৰীয়ে কেবাটাও গৰু সীমান্তৰ ফালে নিয়া অৱস্থাত আৰক্ষী উপস্থিত হোৱাত সৰবৰাহকাৰীৰ দলটো পলায়ন কৰে।

আৰক্ষীয়ে কোনোমতে ৪ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। একেদৰে পুৱতি নিশা প্ৰায় ২ বজাত ভাৰত-বাংলাদেশ সীমান্তৰ দিয়াৰা বি এছ এফ কেম্প এলেকাত ৪৫ নং বেটেলিয়ান বি এছ এফে ৫ টা গৰু জব্দ কৰে।

এই গৰু কেইটাও সৰবৰাহকাৰী দলে বাঁহৰ ঢেঁকীৰ সহযোগত বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ ধৰাত টহলধাৰী বি এছ এফে গৰু কেইটা জব্দ কৰে যদিও সৰবৰাহকাৰী দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

জানিব পৰা মতে সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি গৰু চালনা কৰাৰ সময়ত ভাৰতৰ লগতে বাংলাদেশৰ ফালৰ পৰাও সৰবৰাহকাৰী দল আহি উপস্থিত হৈছিল। কিন্তু বি এছ এফক দেখি কাঁইটীয়া তাৰৰ উভয় দিশে থকা চোৰাং সৰবৰাহকাৰী পলায়ন কৰে।

মন কৰিবলগীয়া যে মানকাচৰৰ কাঁইটীয়া তাৰৰ বেৰৰ সমান্তৰাল ভাৱে এতিয়া নদী তথা চৰ সীমান্তৰ মাজেৰেও ভয়াবহ ভাবে গৰুৰ চোৰাং ব্যৱসায় আৰম্ভ হৈছে। প্ৰতি নিশা জিলা খনৰ আন্তৰাষ্ট্ৰীয় সীমান্তয়েদি বাংলাদেশলৈ ৩ শতাধিক গৰু সৰবৰাহ হয় বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

এনে ক্ষেত্ৰত আৰক্ষী-বি এছ এফে দুই-চাৰিটা গৰু জব্দ কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। চোৰাং ব্যৱসায় বন্ধ কৰাত ৰহস্যজনক ভাবে জিলা খনৰ প্ৰতিখন থানাৰ আৰক্ষী ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।

আৰু পঢ়ক: অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in