বন্যপ্ৰেমৰ অপূৰ্ব নিদৰ্শন,পানীত ককবকাই থকা পহু পোৱালিক উদ্ধাৰ কৰি মাতৃক সপি দিলে শংকৰে...

বন্যপ্ৰেমৰ অপূৰ্ব নিদৰ্শন,পানীত ককবকাই থকা পহু পোৱালিক উদ্ধাৰ কৰি মাতৃক সপি দিলে শংকৰে...

ডিজিটেল সংবাদ, কাজিৰঙা : বন্যপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি দেখুৱালে কাজিৰঙাৰ এজন যুৱকে ৷ পানীত ককবকাই থকা নিচেই কণমানি পহু পোৱালি উদ্ধাৰ কৰি শুশ্ৰূষা আগবঢ়াই পুনৰ মাতৃৰ বুকুত গুজি দিলে ১ নং কহঁৰাৰ শংকৰ ঘাটোৱালে ৷

উল্লেখ্য যে মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে কহঁৰা নদীৰ কাষতে জন্ম হোৱা পহু পোৱালিটো হঠাৎ পৰি যায় কহঁৰা নদীত ৷ তাৰ কিছু মুহুৰ্তৰ পাছতে সেই পোৱালিটোক প্ৰত্যক্ষ কৰি প্ৰথমে উদ্ধাৰ কৰি ঘৰলৈ আনি কাপোৰেৰে ঢাকি,উম দি পুনৰ মাতৃৰ কাষত থৈ আহিল পোৱালিটোক ৷ বন্যপ্ৰাণী বিপদত পৰিলে নিজে নোৱাৰিলেও বন বিভাগক খবৰ দিয়াৰ আহ্বান যুৱকজনৰ ।

বিপদত পৰা কণমানি পহু পোৱালিটোক উদ্ধাৰ কৰি পুনৰ মাতৃৰ বুকুত গুজি দি সুখী অনুভৱ কৰিছে শংকৰ ঘাটোৱালে ৷ প্ৰকৃতিপ্ৰেমী যুৱকজনৰ মতে প্ৰতিজন লোকৰে যদি জীৱজন্তুৰ প্ৰতি মৰম থাকে তেন্তে কেতিয়াও কোনো হত্যাকাৰীৰ বলি হব নোৱাৰে বন্যপ্ৰাণী ৷ শংকৰ ঘাটোৱালৰ প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন শলাগ লৈছে এতিয়া সকলোৱে ৷

বন্যপ্ৰেমৰ অপূৰ্ব নিদৰ্শন,পানীত ককবকাই থকা পহু পোৱালিক উদ্ধাৰ কৰি মাতৃক সপি দিলে শংকৰে...
লখিমপুৰ জিলা আন্তঃ ক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in