'লাম্পি স্কিন ডিজিজ' ত আক্ৰান্ত শ শ গো-ধন : চিন্তিত পশুপালক

'লাম্পি স্কিন ডিজিজ' ত আক্ৰান্ত শ শ গো-ধন : চিন্তিত পশুপালক

ডিজিটেল সংবাদ , বঢ়মপুৰ: পোহনীয়া গো-ধনৰ অচিন এক সোচৰা বেমাৰে নগাঁৱৰ বামুণীৰ পশুপালকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি ৰাখিছে । বিশেষকৈ বৃহত্তৰ বামুণী অঞ্চলৰ দলৈগাঁৱৰ বহুকেইজন পশুপালকৰ গো-ধন এই সোচৰা বেমাৰত আক্রান্ত হৈ মৃত্যু হৈছে ।

পশু চিকিৎসকৰ পৰা জানিব পৰা মতে , গো-ধনৰ এই বেমাৰটোৰ নাম হৈছে "লাম্পি স্কিন ডিজিজ" চমুকৈ এল এছ ডি । এই বেমাৰত আক্ৰান্ত হ'লে গো-ধনৰ গোটেই গাটোৰ ভিতৰত অথবা বাহিৰত গুটি গুটি হৈ উঠে আৰু ফোঁহাৰ দৰে ফাটি যায় । গো-ধনে ঘাঁহ খাবলৈ মন নকৰে আৰু ৰাতিৰ ভিতৰতে মৰি যায় ।

চহা লোকেৰে পৰিপূৰ্ণ বামুণীৰ এই অঞ্চলৰ লোকসমূহ কৃষিনির্ভৰশীল হোৱাৰ লগতে পশুপালকেৰে ভৰি থকা এটি অঞ্চল । শেহতীয়াকৈ এই ভয়াৱহ "লাম্পি বেমাৰে অঞ্চলটোৰ পশুপালকসকললৈ দুৰ্যোগ নমাই আনিছে ।

নিজৰ উপাৰ্জনৰ একমাত্ৰ সম্বল হিচাপে ৰখা পোহনীয়া গো-ধনসমূহ এনেদৰে আকস্মিকভাৱে মৃত্যুবৰণ কৰাত তেওঁলোকে মূৰে-কঁপালে হাত দিবলগা হৈছে । এই বিপর্যয়ৰ সন্মুখীন হোৱা কৃষক তথা পশুপালকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈও স্থানীয় লোকে দাবী উত্থাপন কৰিছে ।

'লাম্পি স্কিন ডিজিজ' ত আক্ৰান্ত শ শ গো-ধন : চিন্তিত পশুপালক
তীব্রবেগী বাহনে খুন্দা মাৰিলে দোকানত, আহত চালকসহ আন এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in